উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

মোক সাতডাল হাড়ৰ (অংগৰ) ওপৰত ভৰ কৰি ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেইবোৰ হৈছে যেনে- কপাল আৰু তেখেতে হাতৰ দ্বাৰা ইংগিত কৰি নাক কপালৰ অন্তর্ভুক্ত বুলি কৈছিল। দুই হাত, দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহ, এই সাতটা অংগৰ ওপৰত। আমি চুলি আৰু কাপোৰ কোঁচাই লোৱা নাছিলোঁ।
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
عربي ইংৰাজী ফৰাচী
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল।
عربي ইংৰাজী ফৰাচী
হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।
عربي ইংৰাজী ফৰাচী
যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা।
عربي ইংৰাজী ফৰাচী
সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
عربي ইংৰাজী ফৰাচী
আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।
عربي ইংৰাজী ফৰাচী
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ,
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।
عربي ইংৰাজী ফৰাচী
এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।
عربي ইংৰাজী ফৰাচী