عَنْ أَبِي هُرَيْرَةَ رضي الله عنه:
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَرَأَ فِي رَكْعَتَيِ الْفَجْرِ: {قُلْ يَا أَيُّهَا الْكَافِرُونَ}، وَ{قُلْ هُوَ اللهُ أَحَدٌ}.

[صحيح] - [رواه مسلم] - [صحيح مسلم: 726]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) আৰু (ক্বুল হুৱাল্লাহু আহাদ) পাঠ কৰিছিল।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 726]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত ছুৰা ফাতিহাৰ পিছত প্ৰথম ৰাকাতত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) (ছুৰা কাফিৰূন) আৰু দ্বিতীয় ৰাকাতত (ক্বুল হুৱাল্লাহু আহাদ) (ছুৰা ইখলাচ) পাঠ কৰাটো পছন্দ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ফজৰৰ ছুন্নতত ছুৰা ফাতিহাৰ পিছত এই দুটা ছুৰা পাঠ কৰা মুস্তাহাব।
  2. এই ছুৰা দুটাক "ছুৰা আল-ইখলাচ" বুলি কোৱা হয়, কাৰণ ছুৰা আল-কাফিৰূনত সেই সকলোবোৰ বাতিল উপাস্যৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰা হৈছে, যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে পূজা পাঠ কৰে, লগতে সিহঁতে আল্লাহৰ প্ৰকৃত উপাসক নহয়, সেয়ে সিহঁতৰ শ্বিৰ্কে সিহঁতৰ সকলো আমল ধ্বংস কৰিব। একমাত্ৰ আল্লাহেই হৈছে উপাসনাৰ যোগ্য। এইদৰে ছুৰা আল-ইখলাচত আল্লাহৰ তাওহীদ (একত্ববাদ) আৰু নিৰ্ভেজালভাৱে তেওঁৰ উপাসনাৰ বৰ্ণনা আছে, লগতে আল্লাহৰ চিফাত তথা গুণসমূহৰো বিৱৰণ দিয়া হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (46)
অধিক