হাদীছৰ তালিকা

ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ,
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।
عربي الإنجليزية الأوردية
আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত নহয়।
عربي الإنجليزية الأوردية
জুমু‘আৰ দিনা ইমামে খুতবা দিয়াৰ সময়ত, যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈও কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।
عربي الإنجليزية الأوردية
ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।
عربي الإنجليزية الأوردية
তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।
عربي الإنجليزية الأوردية
“যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
عربي الإنجليزية الأوردية
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা।
عربي الإنجليزية الأوردية
মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন।
عربي الإنجليزية الأوردية
যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।
عربي الإنجليزية الأوردية
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
عربي الإنجليزية الأوردية
পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
عربي الإنجليزية الأوردية
তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে।
عربي الإنجليزية الأوردية
“যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে
عربي الإنجليزية الأوردية
চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু যি ব্যক্তিয়ে ক্ষমা কৰে, আল্লাহে তাৰ সন্মান বৃদ্ধি কৰি দিয়ে। এইদৰে যি ব্যক্তিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদালৈ উন্নীত কৰিব।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।
عربي الإنجليزية الأوردية
“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”
عربي الإنجليزية الأوردية
আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল।
عربي الإنجليزية الأوردية
যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।
عربي الإنجليزية الأوردية
যিয়ে উত্তমৰূপে ভালকৈ অজু কৰে, তাৰ শৰীৰৰ পৰা পাপ সৰি পৰে। আনকি আঙুলিৰ নখৰ তলৰ পৰাও ওলাই আহে।
عربي الإنجليزية الأوردية
তোমালোকে প্ৰস্ৰাৱৰ পৰা সতৰ্ক থাকিবা। কিয়নো কবৰৰ বেছিভাগ শাস্তি এই প্ৰস্ৰাৱৰ কাৰণেই হয়।
عربي الإنجليزية الأوردية
কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
عربي الإنجليزية الأوردية
“সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল
عربي الإنجليزية الأوردية
মোক সাতডাল হাড়ৰ (অংগৰ) দ্বাৰা ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
عربي الإنجليزية الأوردية
আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।
عربي الإنجليزية الأوردية
থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।
عربي الإنجليزية الأوردية
‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।
عربي الإنجليزية الأوردية
যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।
عربي الإنجليزية الأوردية
ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
যদি মই ফৰজ চালাতসমূহ আদায় কৰোঁ, ৰমাজান মাহৰ চিয়াম পালন কৰোঁ, হালালক হালাল আৰু হাৰামক হাৰাম হিচাপে মানি লওঁ
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব
عربي الإنجليزية الأوردية
সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।
عربي الإنجليزية الأوردية
যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ।
عربي الإنجليزية الأوردية
যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।
عربي الإنجليزية الأوردية
বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।
عربي الإنجليزية الأوردية
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত পোৱা গ'ল, সেয়া দেখি তেখেতে নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষিদ্ধ ঘোষণা কৰিলে।
عربي الإنجليزية الأوردية
যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।
عربي الإنجليزية الأوردية
ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।
عربي الإنجليزية الأوردية
এইটো এটা সিৰাৰ তেজ। কেৱল সেই পৰিমাণ দিন নামাজ ত্যাগ কৰিবা যিমান পৰিমাণ দিন ইতিপূৰ্বে তোমাৰ হায়েজ হৈছিল। সেই কেইদিন পাৰ হোৱাৰ পিছত গোছল কৰিবা আৰু নামাজ পঢ়িবা।
عربي الإنجليزية الأوردية
তোমালোকে তোমালোকৰ শাৰীবিলাক পোন কৰি লোৱা। কিয়নো শাৰীবিলাক পোন কৰি লোৱাটো হৈছে চালাতৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰিবা তেতিয়া সি যেন নাকত পানী দি নাক চাফা কৰি লয়। এইদৰে যিয়ে ইস্তিনজাৰ বাবে ঢিলা কলুষ ব্যৱহাৰ কৰিব সি যেন বিযোৰ সংখ্যক ঢিলা কলুষ ব্যৱহাৰ কৰে।
عربي الإنجليزية الأوردية
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকে প্ৰস্ৰাৱ-পায়খানা কৰিবা, তেতিয়া তোমালোকে কিবলামুখী নহ'বা আৰু কিবলাৰ ফালে পিঠিও নিদিবা। বৰং তোমালোকে পূৱ বা পশ্চিমফালে মুখ কৰি প্ৰস্ৰাৱ-পায়খানা কৰিবা।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিছিল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল।
عربي الإنجليزية الأوردية
হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা
عربي الإنجليزية الأوردية
আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব।
عربي الإنجليزية الأوردية
তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।
عربي الإنجليزية الأوردية
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
عربي الإنجليزية الأوردية
ফৰজ গোছলৰ পদ্ধতি
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল।
عربي الإنجليزية الأوردية
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।
عربي الإنجليزية الأوردية
আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।
عربي الإنجليزية الأوردية
বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।
عربي الإنجليزية الأوردية
যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।
عربي الإنجليزية الأوردية
আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে।
عربي الإنجليزية الأوردية
তুমি কেৱল নিজৰ দুই হাতেৰে এনেকৈ কৰিলেই যথেষ্ট আছিল।" তেখেতে দেখুৱাই দিবলৈ নিজৰ দুয়ো হাত মাটিত এবাৰ স্পৰ্শ কৰিলে, তাৰ পিছত ইটো হাতেৰে সিটো হাতৰ পৃষ্ঠভাগ মছেহ কৰিলে আৰু মুখমণ্ডল মছেহ কৰিলে।
عربي الإنجليزية الأوردية
মোৰ পূৰ্বে আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই নবীৰেই তেওঁৰ উম্মতৰ মাজৰ পৰা হাৱাৰী তথা সংগী আছিল। তেওঁলোকে তেওঁৰ ছুন্নতৰ ওপৰত আমল কৰিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিল।
عربي الإنجليزية الأوردية
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই কথাৰ ওপৰত বাইআত গ্ৰহণ কৰিছোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। নামাজ প্ৰতিষ্ঠা কৰিব লাগিব, জাকাত আদায় দিব লাগিব, শাসকৰ নিৰ্দেশনা মানিব লাগিব, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'ব লাগিব।
عربي الإنجليزية الأوردية
তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম।
عربي الإنجليزية الأوردية
আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।
عربي الإنجليزية الأوردية
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।
عربي الإنجليزية الأوردية
চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা।
عربي الإنجليزية الأوردية
তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম বেলেগ দিনত কৰা নাছিল।
عربي الإنجليزية الأوردية
যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।
عربي الإنجليزية الأوردية
যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
عربي الإنجليزية الأوردية
মোক মোৰ অন্তৰঙ্গ বন্ধুৱে (অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) তিনিটা বিষয়ৰ উপদেশ দিছে। প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবলৈ, চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবলৈ, আৰু মই যেন টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি শুবলৈ যাওঁ।
عربي الإنجليزية الأوردية
তোমালোকে (ৰমাজানৰ) জোন দেখি ৰোজা আৰম্ভ কৰিবা আৰু (শ্বাওৱালৰ) জোন দেখি ৰোজা এৰিবা। যদি উদয়স্থল ডাৱৰীয়া হৈ থাকে তেন্তে হিচাপ অনুযায়ী অনুমান কৰিবা।
عربي الإنجليزية الأوردية
বজাৰত বা ঘৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত জামাতত আদায় কৰা নামাজৰ ছোৱাব বিছতকৈও অধিক গুণ বেছি।
عربي الإنجليزية الأوردية
যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।
عربي الإنجليزية الأوردية
কোৱাচোন! তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত যদি এখন নদী থাকে আৰু সি যদি তাত দৈনিক পাঁচবাৰ গোছল কৰে, তেন্তে তাৰ শৰীৰত কোনো ময়লা থাকিবনে?
عربي الإنجليزية الأوردية
তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।
عربي الإنجليزية الأوردية
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম?
عربي الإنجليزية الأوردية
সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।
عربي الإنجليزية الأوردية
জুমুআৰ দিনা যিয়ে জানাবতৰ (ফৰজ) গোছল কৰিব, আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।
عربي الإنجليزية الأوردية
যিয়ে সুন্দৰকৈ অজু কৰি জুমুআৰ বাবে উপস্থিত হয়, লগতে মনোযোগ সহকাৰে খুতবা শুনে আৰু মনে মনে থাকে, তাৰ দুই জুমুআৰ মাজৰ আৰু অধিক তিনি দিনৰ গুনাহ ক্ষমা কৰি দিয়া হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।
عربي الإنجليزية الأوردية
হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।
عربي الإنجليزية الأوردية
বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।
عربي الإنجليزية الأوردية
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল।
عربي الإنجليزية الأوردية
যিয়ে সূৰ্য্য উদয় হোৱাৰ পূৰ্বে আৰু সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে চালাত আদায় কৰে, তেওঁ কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।
عربي الإنجليزية الأوردية
যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।
عربي الإنجليزية الأوردية
নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।
عربي الإنجليزية الأوردية
যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।
عربي الإنجليزية الأوردية
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব।
عربي الإنجليزية الأوردية
সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।
عربي الإنجليزية الأوردية
যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে, তেতিয়া তেওঁ যেন তিনিবাৰ নিজৰ নাকত পানী সোমোৱাই দি নাক পৰিষ্কাৰ কৰে। কাৰণ চয়তানে তাৰ নাকৰ ভিতৰত ৰাতি অতিবাহিত কৰে।
عربي الإنجليزية الأوردية
এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।
عربي الإنجليزية الأوردية
যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।
عربي الإنجليزية الأوردية
পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।
عربي الإنجليزية الأوردية
ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।
عربي الإنجليزية الأوردية
প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।
عربي الإنجليزية الأوردية
স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে।
عربي الإنجليزية الأوردية
আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।
عربي الإنجليزية الأوردية
দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।
عربي الإنجليزية الأوردية
মানুহৰ কি হৈছে, সিহঁতে নামাজত কিয় আকাশৰ (ওপৰৰ) ফালে চাই থাকে।" তেখেতে এই কথা কঠোৰভাৱে কৈছিল। অৱশেষত তেখেতে কৈছেঃ "সিহঁতে এইটোৰ পৰা বিৰত থকা উচিত, অন্যথা সিহঁতৰ দৃষ্টি হৰণ হ'ব।
عربي الإنجليزية الأوردية
যেতিয়া তুমি ছাজদাহ কৰিবা, তেতিয়া তুমি তোমাৰ দুয়ো হাতৰ পতা মাটিত ৰাখিবা আৰু দুয়ো কিলাকুটি মাটিৰ পৰা ওপৰত ৰাখিবা।
عربي الإنجليزية الأوردية
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কাৰোবাৰ যদি নামাজত সন্দেহ হয়, তেওঁ যদি থিৰাং কৰিব নোৱাৰে যে, কিমান ৰাকাত পঢ়িছে তিনি ৰাকাত নে চাৰি ৰাকাত? তেন্তে তেওঁ সন্দেহক পৰিহাৰ কৰি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ অব্যাহত ৰখা উচিত। ইয়াৰ পিছত ছালাম ফিৰোৱাৰ আগত দুটা ছাজদাহ কৰি লোৱা উচিত।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।
عربي الإنجليزية الأوردية
যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) আৰু (ক্বুল হুৱাল্লাহু আহাদ) পাঠ কৰিছিল।
عربي الإنجليزية الأوردية
তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।
عربي الإنجليزية الأوردية
পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
عربي الإنجليزية الأوردية
এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন।
عربي الإنجليزية الأوردية
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
عربي الإنجليزية الأوردية
নিজৰ ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সংগ্ৰাম কৰা।
عربي الإنجليزية الأوردية
আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
عربي الإنجليزية الأوردية
আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ কাৰণে এটা প্ৰয়োজনো সৃষ্টি কৰি দিয়ে।
عربي الإنجليزية الأوردية
মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।
عربي الإنجليزية الأوردية
প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।
عربي الإنجليزية الأوردية
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
عربي الإنجليزية الأوردية
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা।
عربي الإنجليزية الأوردية
যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।
عربي الإنجليزية الأوردية
মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
عربي الإنجليزية الأوردية
হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।
عربي الإنجليزية الأوردية
হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।
عربي الإنجليزية الأوردية
যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা।
عربي الإنجليزية الأوردية
সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
عربي الإنجليزية الأوردية
আটাইতকৈ নিকৃষ্ট চোৰ হৈছে সেইজন, যিয়ে নামাজ চুৰি কৰে।" তেওঁ সুধিলেঃ নামাজ আকৌ কেনেকৈ চুৰি কৰে? তেখেতে ক'লেঃ "যিয়ে নামাজৰ ৰুকু ছাজদাহ পৰিপূৰ্ণৰূপে নকৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ,
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।
عربي الإنجليزية الأوردية
এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।
عربي الإنجليزية الأوردية
যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
عربي الإنجليزية الأوردية
মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।
عربي الإنجليزية الإندونيسية
তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।
عربي الإنجليزية الأوردية
ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।
عربي الإنجليزية الأوردية
কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে।
عربي الإنجليزية الأوردية
আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।
عربي الإنجليزية الأوردية
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে (প্ৰস্ৰাৱৰ উপযুক্ত ঠাই বিচাৰি নাপাই) কোনো এটা গোত্ৰৰ আৱৰ্জনা স্তুপৰ ওচৰত আহি থিয় হৈ প্ৰস্ৰাৱ কৰিলে।
عربي الإنجليزية الأوردية
ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।
عربي الإنجليزية الأوردية
জানাযা লৈ যোৱাৰ সময়ত তোমালোকে দ্ৰুত গতিত লৈ যাবা, কিয়নো যদি তেওঁ নেক ব্যক্তি হয় তেন্তে তোমালোকে তেওঁক কল্যাণৰ দিশত লৈ গৈ আছা, আৰু যদি তেওঁ বেলেগ কিবা হয় তেন্তে তোমালোকে নিজৰ কান্ধৰ পৰা অকল্যাণ দূৰ কৰিলা।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে।
عربي الإنجليزية الأوردية
আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।
عربي الإنجليزية الأوردية
যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
عربي الإنجليزية الأوردية
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে?
عربي الإنجليزية الأوردية
তেওঁ নিজৰ এনেকুৱা এজন শিশুকলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিজন এতিয়াও খোৱা-বোৱা কৰিব পৰা বয়সত উপনীত হোৱা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত ল'লে। কিছু সময়ৰ ভিতৰতে শিশুটোৱে তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰি দিলে। ইয়াৰ পিছত তেখেতে পানী আনিবলৈ দিলে আৰু সেই পানী তেখেতে কাপোৰত ছটিয়াই দিলে। তেখেতে সেই স্থানটো ধোৱা নাছিল।
عربي الإنجليزية الأوردية
তলৰ হাততকৈ ওপৰৰ হাত উত্তম।
عربي الإنجليزية الأوردية
জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব।
عربي الإنجليزية الأوردية
ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।”
عربي الإنجليزية الأوردية
আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈছিল, (তেতিয়া আমি সেই সময়ত উঠিছিলোঁ, যেতিয়া তেখেত উঠি থিয় দিছিল) আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে ছাজদাহ কৰা নাছিল।
عربي الإنجليزية الأوردية
নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।
عربي الإنجليزية الأوردية
পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।
عربي الإنجليزية الأوردية
“অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
عربي الإنجليزية الأوردية
এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।
عربي الإنجليزية الأوردية
নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।
عربي الإنجليزية الأوردية
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।
عربي الإنجليزية الأوردية
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
عربي الإنجليزية الأوردية
মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰৰ ওপৰত আছিল সেই সময়ত এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে যে, আপোনাৰ মতে তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে? তেখেতে ক'লেঃ "দুই দুই ৰাকাতকৈ।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে।
عربي الإنجليزية الأوردية
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
عربي الإنجليزية الأوردية
হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা পানীৰ দ্বাৰা ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে অজু সম্পন্ন কৰিছিল।
عربي الإنجليزية الأوردية
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সুস্পষ্টৰূপে সূৰ্য্য উদয় নোহোৱালৈকে মুচাল্লাৰ ওপৰতে বহি থাকিছিল।
عربي الإنجليزية الأوردية
তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।)
عربي الإنجليزية الأوردية
যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।
عربي الإنجليزية الأوردية
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
عربي الإنجليزية الأوردية
বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।
عربي الإنجليزية الأوردية
প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।
عربي الإنجليزية الأوردية
মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক তোমালোকে লা ইলা-হা ইল্লাল্লাহৰ তালকীন কৰা।
عربي الإنجليزية الأوردية
যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।
عربي الإنجليزية الأوردية
তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।
عربي الإنجليزية الإندونيسية
তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।
عربي الإنجليزية الأوردية
ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।
عربي الإنجليزية الأوردية
জুমুআৰ চালাত ত্যাগকাৰীসকলে যেন এই অভ্যাস পৰিত্যাগ কৰি দিয়ে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব, ফলত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ যাব।
عربي الإنجليزية الإندونيسية
যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।
عربي الإنجليزية الإندونيسية
হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা?
عربي الإنجليزية الأوردية
শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়।
عربي الإنجليزية الإندونيسية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।
عربي الإنجليزية الأوردية
মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
عربي الإنجليزية الأوردية
যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।
عربي الإنجليزية الأوردية
যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল।
عربي الإنجليزية الأوردية
হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।
عربي الإنجليزية الأوردية
যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।
عربي الإنجليزية الأوردية
মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।
عربي الإنجليزية الأوردية
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন ফিতৰা হিচাপে এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য, এক ছা পনীৰ অথবা এক ছা যৱ, নাইবা এক ছা খেজুৰ অথবা এক ছা কিছমিছ আদায় কৰিছিলোঁ।
عربي الإنجليزية الأوردية
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।
عربي الإنجليزية الأوردية
তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে।
عربي الإنجليزية الأوردية
ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
عربي الإنجليزية الأوردية
পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।
عربي الإنجليزية الأوردية
যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।
عربي الإنجليزية الأوردية
মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।
عربي الإنجليزية الأوردية
তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।
عربي الإنجليزية الأوردية
মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।
عربي الإنجليزية الأوردية
আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।
عربي الإنجليزية الأوردية
নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
عربي الإنجليزية الأوردية
ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।
عربي الإنجليزية الأوردية
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।
عربي الإنجليزية الأوردية
ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’
عربي الإنجليزية الأوردية
দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।
عربي الإنجليزية الأوردية
যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।
عربي الإنجليزية الأوردية
যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।
عربي الإنجليزية الأوردية
ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।
عربي الإنجليزية الأوردية
আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।
عربي الإنجليزية الإندونيسية
যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।
عربي الإنجليزية الإندونيسية
নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।
عربي الإنجليزية الإندونيسية