+ -

عَنْ ‌مَحْمُودِ بْنِ لَبِيدٍ رضي الله عنه:
أَنَّ ‌عُثْمَانَ بْنَ عَفَّانَ أَرَادَ بِنَاءَ الْمَسْجِدِ فَكَرِهَ النَّاسُ ذَلِكَ، وَأَحَبُّوا أَنْ يَدَعَهُ عَلَى هَيْئَتِهِ، فَقَالَ: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «مَنْ بَنَى مَسْجِدًا لِلهِ بَنَى اللهُ لَهُ فِي الْجَنَّةِ مِثْلَهُ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 533]
المزيــد ...

মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
উছমান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদ পুনৰ্ণিমান কৰিব বিচৰাত মানুহে বিষয়টোক অপছন্দ কৰিলে, আৰু তেওঁলোকে পছন্দ কৰিলে যে, মছজিদ আগৰ অৱস্থাতে থাকক। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 533]

ব্যাখ্যা

উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদে নবৱীক আগতকৈ সুন্দৰ ৰূপত পুনৰ্নিমাণ কৰিবলৈ মনস্থ কৰিলে, কিন্তু বিষয়টোক মানুহে অপছন্দ কৰিলে।‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ কাৰণ ইয়াৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বনোৱা পূৰ্বৰ ধৰণটো পৰিবৰ্তন হ'ব। পূৰ্বে ইটাৰে নিৰ্মিত আছিল আৰু চাদ বনোৱা আছিল খেজুৰৰ ঠাৰীৰে। কিন্তু উছমান ৰাদ্বিয়াল্লাহু আনহুৱে শিল আৰু প্লাষ্টাৰেৰে নিৰ্মাণ কৰিব বিচাৰিছিল। এই প্ৰেক্ষাপটত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ লোকক দেখুৱাবলৈ বা গৌৰৱাম্বিত নোহোৱাকৈ যিয়ে আল্লাহৰ সন্তুষ্টি কামনা কৰি মছজিদ নিৰ্মাণ কৰিব, ইয়াৰ বিনিময়ত আল্লাহে তাক সেই অনুপাতেই প্ৰতিদান প্ৰদান কৰিব, অৰ্থাৎ আল্লাহে তাৰ বাবে অনুৰূপ এখন ঘৰ জান্নাতত নিৰ্মাণ কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মছজিদ নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু ইয়াৰ ফজিলত বৰ্ণিত হৈছে।
  2. মছজিদ প্ৰসাৰিত কৰা তথা পুনৰ্নিমাণ কৰা আদি মছজিদ নিৰ্মাণৰেই অন্তৰ্ভুক্ত।
  3. সকলো কামতে ইখলাচ অৱলম্বন কৰাৰ গুৰুত্ব।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক