عن عائشة - رضي الله عنها-، أن أمَّ سَلَمَة، ذَكَرَت لرسول الله صلى الله عليه وسلم كَنِيسة رأتْهَا بأرض الحَبَشَةِ يُقال لها مَارِيَة، فذَكَرت له ما رأَت فيها من الصُّور، فقال رسول الله صلى الله عليه وسلم : «أولئِكِ قوم إذا مات فيهم العَبد الصالح، أو الرُّجل الصَّالح، بَنُوا على قَبره مسجدا، وصَوَّرُوا فيه تلك الصِّور، أولئِكِ شِرَار الخَلْق عند الله».
[صحيح] - [متفق عليه]
المزيــد ...

‘আঈশ্বা ৰাদ্বিয়াল্লাহু `আনহাৰ পৰা বৰ্ণিত যে, উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁ হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "c2">“সিহঁত এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত সেইবোৰ চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁত হৈছে নিকৃষ্টতম সৃষ্টি”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই সংবাদ দিছে যে, উম্মে ছালামাহ ৰাদ্বিয়াল্লাহু আনহা যেতিয়া হাবাশ্বাত অৱস্থান কৰিছিল তেতিয়া তেওঁ তাত থকা গীর্জাত কিছুমান ছবি দেখা পাইছিল। তেওঁ আশ্চর্য প্ৰকাশ কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সেই গীর্জাৰ ভিতৰত দেখা পোৱা সৌন্দর্য আৰু বিভিন্ন চিত্রকর্মৰ বিষয়ে বিৱৰণ দিলে। সিহঁতৰ কর্মৰ ভয়াৱহতা আৰু তাওহীদৰ ওপৰত ইয়াৰ বিৰূপ প্রভাৱৰ কাৰণে তেওঁৰ কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মূৰ তুলি চালে আৰু সিহঁতে যি কৰিছে সেইবোৰৰ পৰা তেখেতৰ উম্মতক সতর্ক কৰাৰ উদ্দেশ্যে এই ধৰণৰ চিত্র ৰখাৰ কাৰণসমূহ বর্ণনা কৰি ক’লে, তোমালোকে যিসকলৰ বিষয়ে আলোচনা কৰি আছা, সিহঁত হৈছে সেইসকল লোক যিসকলৰ মাজৰ কোনো পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তাৰ কবৰৰ ওপৰত মছজিদ নির্মাণ কৰিছিল আৰু তাত ইবাদত কৰিছিল। লগতে তাত সিহঁতে সেইবোৰ চিত্র অংকন কৰিছিল। লগতে তেখেতে এই কথাও স্পষ্ট কৰিছে যে, এনেকুৱা কৰ্ম যিসকলে কৰে সিহঁতেই হৈছে আল্লাহৰ দৃষ্টিত আটাইতকৈ নিকৃষ্ট সৃষ্টি। কাৰণ এই ধৰণৰ কর্মই আল্লাহ তা‘আলাৰ সৈতে শ্বিৰ্ক কৰাৰ প্রতি ধাৱিত কৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কবৰৰ ওপৰত মছজিদ নির্মাণ কৰা হাৰাম আৰু মছজিদত মৃত ব্যক্তিক দাফন কৰাও হাৰাম। এইটো নিষেধ কৰাৰ কাৰণ হৈছে যাতে শ্বিৰ্কৰ দুৱাৰ বন্ধ হয় আৰু যাতে মূৰ্ত্তিপূজাৰীসকলৰ সৈতে সাদৃশ্যতা অৱলম্বন নহয়।
  2. কবৰৰ ওপৰত মছজিদ নির্মাণ কৰা আৰু মছজিদৰ ভিতৰত প্রতিকৃতি স্থাপন কৰা হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ আমল। যিয়ে এনেকুৱা কৰ্ম কৰিব সি দৰাচলতে সিহঁতৰ সাদৃশ্য অৱলম্বন কৰিব। এতেকে সিহঁতে যি শাস্তিৰ উপযুক্ত হ’ব সিও সেই শাস্তিৰেই উপযুক্ত হ’ব।
  3. কবৰৰ ওচৰত চালাত আদায় কৰাটো হৈছে শ্বিৰ্কত পতিত হোৱাৰ কাৰণ। কবৰ মছজিদৰ ভিতৰতেই হওক অথবা বাহিৰত।
  4. জীৱ-জন্তুৰ প্রতিকৃতি বা ছবি অংকন কৰা হাৰাম।
  5. যিয়ে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু তাত ছবি বা প্রতিকৃতি স্থাপন কৰে, সি হৈছে আল্লাহৰ সৃষ্টিৰ মাজত আটাইতকৈ নিকৃষ্ট সৃষ্টি।
  6. ইছলামে তাওহীদৰ দিশটো সম্পূৰ্ণৰূপে সংৰক্ষণ কৰিছে। সেইকাৰণেই শ্বিৰ্কৰ পিনে লৈ যোৱা সকলো দুৱাৰ বন্ধ কৰি দিছে।
  7. কবৰৰ ওপৰত নির্মিত মছজিদত চালাত আদায় কৰিলে সেই চালাত শুদ্ধ নহ’ব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ পৰা নিষেধ কৰিছে আৰু এনেকুৱা কৰ্ম কৰা ব্যক্তিৰ ওপৰত তেওঁ অভিশাপ কৰিছে। এইদৰে নিষেধাজ্ঞাই নিষেধকৃত বিষয়ক বাতিল হিচাপে প্ৰমাণ কৰে।
  8. উম্মতৰ হিদায়তৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অধিক আগ্রহী আছিল। সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু শয্যাত থকা অৱস্থাতো ইয়াহুদী আৰু খৃষ্টানসকলৰ কৰ্মৰ পৰা -সিহঁতে নবী আৰু পূণ্যৱান লোকসকলৰ সৈতে যি কৰিছিল তাৰ পৰা- সতৰ্ক কৰিছিল।
অধিক