عن جندب بن عبد الله رضي الله عنه قال: سمعت النبي صلى الله عليه وسلم قبل أن يموت بخمس، وهو يقول: «إني أبرأ إلى الله أن يكون لي منكم خليل، فإن الله قد اتخذني خليلا كما اتخذ إبراهيم خليلا، ولو كنت متخذا من أمتي خليلا لاتخذت أبا بكر خليلا، ألا وإن من كان قبلكم كانوا يتخذون قبور أنبيائهم مساجد، ألا فلا تتخذوا القبور مساجد، فإني أنهاكم عن ذلك».
[صحيح] - [رواه مسلم]
المزيــد ...

জুন্দুব ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "c2">“মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণ মুক্ত। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু মই যদি মোৰ উম্মতৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন। সাৱধান, তোমালোকৰ পূর্বৱর্তী উম্মতবোৰে তেওঁলোকৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা। মই তোমালোকক এই কাম কৰিবলৈ বাৰে বাৰে নিষেধ কৰোঁ।” ছহীহ - ইয়াক মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ পূৰ্বে তেখেতৰ উম্মতক গুৰুত্বপূর্ণ এটা হাদীছ কৈ গৈছে। সেই হাদীছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ মর্যাদা সম্পর্কে সংবাদ দি কৈছে যে, তেখেত মুহাব্বতৰ সর্বোচ্চ স্থানত উপনীত হৈছে। যিদৰে ইব্ৰাহীম আলাইহিচ্ছালাম উপনীত হৈছিল। সেইকাৰণেই আল্লাহৰ বাহিৰে তেখেত কাকো খলীল হিচাপে গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। কিয়নো তেখেতৰ অন্তৰ আল্লাহৰ মুহাব্বত, মহত্ব আৰু তেওঁৰ মাৰেফতৰ দ্বাৰা পৰিপূর্ণ আছিল। সেয়ে আন কাৰো বাবে তাত কোনো ঠাই নাছিল। আৰু কোনো সৃষ্টিৰ অন্তৰত খুল্লাত তথা ভালপোৱাৰ সর্বোচ্চ স্তৰ কেৱল এজনৰ বাবে হ’ব পাৰে। সৃষ্টিকুলৰ মাজৰ পৰা যদি তেখেতৰ কোনো খলীল থাকিলহেঁতেন তেন্তে নিশ্চয় সেইজন আবু বকৰ ছিদ্দীক ৰাদ্বিয়াল্লাহু আনহু হ’লহেঁতেন। এই বিষয়টোৱে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ মর্যাদা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত তেওঁৰ খিলাফতৰ দায়িত্বৰ প্ৰতি ইঙ্গিত বহন কৰে। ইয়াৰ পিছত তেখেতে ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ সীমালংঘনৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহকলৈ সীমালংঘন কৰিছিল আৰু সেইবোৰক শ্বিৰ্কীয়া ইবাদতখানাত পৰিণত কৰিছিল। সেয়ে তেখেতে তেখেতৰ উম্মতক সিহঁতৰ কর্মৰ দৰে কৰ্ম কৰিবলৈ নিষেধ কৰিছে। প্ৰকৃততে খ্ৰীষ্টানসকলৰ বাবে ঈছা আলাইহিচ্ছালামৰ বাহিৰে আন কোনো নবী নাছিল, কিন্তু সিহঁতৰ বিশ্বাস যে, পৃথিৱীত ঈছা আলাইহিচ্ছালামৰ এখন কবৰ আছে। গতিকে ইয়াত কবৰসমূহ বুলি ইহুদীসকলৰ নবীৰ সৈতে মিলাই বহুবচন ব্যৱহাৰ কৰা হৈছে। সত্য এইটোৱে যে, ঈছা আলাইহিচ্ছালামক আকাশলৈ উঠাই নিয়া হৈছে, তেওঁক শূলবিদ্ধও কৰা হোৱা নাই আৰু দাফনো কৰা হোৱা নাই।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুহাব্বতৰ গুণটো আল্লাহ তা‘আলাৰ মৰ্যাদা অনুযায়ী সাব্যস্ত কৰা।
  2. দুই খলীল মুহাম্মদ আৰু ইব্রাহীম আলাইহিমাচ্ছালামৰ ফযীলত।
  3. আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ ফযীলত। আৰু তেওঁ সামগ্রিকভাৱে উম্মতৰ মাজত উত্তম।
  4. এইটো আবু বকৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ খিলাফতৰ দলীল।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বন্ধুত্ব আল্লাহৰ লগত হোৱাটো প্ৰমাণিত।
  6. কবৰৰ ওপৰত মছজিদ নির্মাণ কৰা পূৰ্বৱৰ্তী উম্মতসকলৰ পৰম্পৰা।
  7. কবৰসমূহক ইবাদতৰ স্থান বনোৱা হাৰাম, য’ত চালাত আদায় কৰা হয় বা যাৰ ফালে মুখ কৰি চালাত আদায় কৰা হয়। ইয়াৰ বাহিৰেও তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা বা গম্বুজ আদি নিৰ্মাণ কৰা হাৰাম। যাতে ইয়াৰ ফলত শ্বিৰ্কৰ মাজত পতিত হোৱাৰ সম্ভাৱনা নাথাকে।
  8. শ্বিৰ্কৰ ফালে লৈ যোৱা সকলো প্ৰকাৰ উপকৰণ বন্ধ কৰি দিয়া।
অধিক