عن عبد الله بن مسعود رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: "هلك المُتَنَطِّعون -قالها ثلاثا-".
[صحيح] - [رواه مسلم]
المزيــد ...

আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সীমালঙ্ঘনকাৰীসকল ধ্বংস হওক। এই কথাষাৰ তেখেতে তিনিবাৰ কৈছে। ছহীহ - এইটো মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, কোনো বিষয়ত সীমালংঘন কৰা আৰু তাৰ গভীৰত প্ৰৱেশ কৰাটো হৈছে ধ্বংসৰ কাৰণ। এই সতৰ্কবাণীৰ দ্বাৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সীমালংঘনৰ পৰা নিষেধ কৰিছে। এই ধৰণৰ বিষয়সমূহৰ এটা বিষয় হৈছে, ইবাদতত আত্মাক এনেকৈ কষ্ট দিয়া যাতে বিৰক্ত হৈ সেই ইবাদত এৰি দিয়ে। এইদৰে কোনো কথাৰ মাজত সীমালংঘন কৰা আৰু তাৰ গভীৰত প্ৰৱেশ কৰা। আনহাতে সীমালংঘনৰ আটাইতকৈ ডাঙৰ অপৰাধ যিটোৰ পৰা সতর্ক কৰা অধিক গুৰুত্বপূর্ণ সেইটো হৈছেঃ পূণ্যৱান লোকসকলক সন্মান প্ৰদৰ্শনৰ ক্ষেত্রত সীমালংঘন কৰা, যিটো শ্বিৰ্কৰ পিনে লৈ যায়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিকোনো বিষয়ত সীমালঙ্ঘনৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে। বিশেষকৈ ইবাদত আৰু নেককাৰ লোকসকলক সন্মান কৰাৰ ক্ষেত্রত।
  2. উম্মতৰ নাজাতৰ ক্ষেত্ৰত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম বৰ আগ্ৰহী আছিল, আৰু দাৱাত পৌঁচাই দিয়াৰ ক্ষেত্রতো তেখেত আপ্ৰাণ চেষ্টা কৰিছিল।
  3. সকলো বিষয়তে সীমালঙ্ঘন কৰা হাৰাম।
  4. গুৰুত্বপূর্ণ বিষয়ক গুৰুত্ব প্ৰদান কৰা পছন্দনীয়।
  5. সকলো বিষয়তে মধ্যম পন্থা অৱলম্বন কৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
  6. ইছলামৰ মহানুভৱতা আৰু ইয়াৰ সৰলতা।
অধিক