عَن عُمَرَ بنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ قال: سَمِعْتُ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«لَا تُطْرُونِي كَمَا أَطْرَتِ النَّصَارَى ابْنَ مَرْيَمَ؛ فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا: عَبْدُ اللهِ وَرَسُولُهُ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 3445]
المزيــد ...
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
صحيح - رواه البخاري
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰশংসাত আৰু গুণাৱলীত সীমালংঘন কৰিবলৈ তথা চৰীয়তৰ সীমা অতিক্ৰম কৰিবলৈ নিষেধ কৰিছে, উদাহৰণস্বৰূপে আল্লাহৰ বাবে নিৰ্দিষ্ট কোনো গুণ বা কৰ্ম তেখেতৰ বুলি দাবী কৰা, অথবা তেখেতে গায়েব জানে বুলি দাবী কৰা, নাইবা আল্লাহৰ সৈতে তেওঁকো প্ৰাৰ্থনা কৰা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়মৰ সৈতে কৰিছিল। তাৰ পিছত তেখেতে বৰ্ণনা কৰিছে যে, তেখেত হৈছে আল্লাহৰ বান্দা। লগতে তেখেতে নিৰ্দেশ দিছে যে, আমি যেন তেখেতক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিয়ে কওঁ।