عن عبادة بن الصامت رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم "مَنْ شهِد أنْ لا إله إلا الله وحده لا شرِيك له وأنَّ محمَّدا عبده ورسُولُه، وأنَّ عِيسى عبدُ الله ورسُولُه وكَلِمَتُه أَلقَاها إِلى مريم ورُوُحٌ مِنه، والجنَّة حَقٌّ والنَّار حقٌّ، أَدْخَلَه الله الجنَّة على ما كان مِنَ العمَل".
[صحيح] - [متفق عليه]
المزيــد ...

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, আৰু তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এই হাদীছটোৱে আমাক জনাইছে যে, যি ব্যক্তিয়ে তাওহীদৰ বাক্য উচ্চাৰণ কৰিব, ইয়াৰ অর্থ বুজি ইয়াৰ দাবী অনুযায়ী আমল কৰিব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি সাক্ষ্য প্ৰদান কৰিব, তথা ঈছা আলাইহিচ্ছালামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি স্বীকাৰ কৰিব, আৰু এই কথা স্বীকাৰ কৰিব যে, তেওঁক "c2">“কুন” শব্দৰ দ্বাৰা মাৰয়ামৰ পৰা সৃষ্টি কৰা হৈছে, ইয়াহুদীসকলে তেওঁৰ মাকক যি অপবাদ দিছে সেইবোৰ অপবাদৰ পৰা তেওঁৰ মাকক নিৰাপৰাধ বুলি স্বীকাৰ কৰিব আৰু এই কথা বিশ্বাস কৰিব যে, মু’মিনসকলৰ বাবে জান্নাত আৰু কাফিৰসকলৰ বাবে জাহান্নাম নিশ্চিত, এই বিশ্বাস পোষণ কৰা ব্যক্তি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব, তেওঁ যি আমলেই নকৰক কিয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দুয়োটা সাক্ষ্যদান হৈছে ধৰ্মৰ মূল।
  2. তাওহীদৰ ফজিলত। আল্লাহে ইয়াৰ দ্বাৰা গুনাহ মোচন কৰে।
  3. আল্লাহ তা‘আলাৰ ইহছান আৰু তেওঁৰ অনুগ্রহ ব্যাপক।
  4. জানি থোৱা উচিত যে, তাওহীদৰ আক্বীদাহ বা বিশ্বাস সকলো কুফৰী ধর্মৰে পৰিপন্থী, লাগিলে সেয়া ইয়াহুদীবাদে হওক বা খৃষ্টবাদ অথবা হিন্দুত্ববাদ নাইবা নাস্তিকতাবাদেই হওক।
  5. কেৱল যিসকলে শ্বাহাদত বাক্য দুটাৰ অর্থ বুজি পায় আৰু ইয়াৰ দাবী অনুযায়ী আমল কৰে, তেওঁলোকৰ বাহিৰে আন কাৰোৰেই শ্বাহাদত পৰিপূর্ণ নহয়।
  6. আল্লাহে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক উবূদীয়াত আৰু ৰিচালত দুয়োটাই একেলগে দান কৰিছে যাতে তেওঁ সীমালংঘনকাৰীসকলক প্ৰত্যাখ্যান কৰিব পাৰে।
  7. নবী আৰু ছলেহীনসকলৰ ক্ষেত্রত সীমালংঘন আৰু অৱহেলাৰ পৰা বিৰত থকা ওৱাজিব। আমি তেওঁলোকৰ ফজিলতক অস্বীকাৰ নকৰোঁ লগতে তেওঁলোকৰ বিষয়ে কোনো ধৰণৰ সীমালংঘনো নকৰোঁ আৰু কোনো ইবাদতো তেওঁলোকৰ বাবে সম্পাদন নকৰোঁ। যিদৰে কিছুমান অজ্ঞ আৰু পথভ্ৰষ্ট লোকসকলে কৰে।
  8. ঈছা আলাইহিচ্ছালামো আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল আছিল এই কথা প্ৰমাণিত। যিসকল খ্ৰীষ্টানে বিশ্বাস কৰে যে, তেওঁ আল্লাহৰ পুত্ৰ আছিল, এইটো হৈছে সেইসকল খ্ৰীষ্টানৰ বাবে প্ৰত্যুত্তৰ।
  9. ঈছা আলাইহিচ্ছালামক “কুন” শব্দৰ দ্বাৰা মাৰয়াম আলাইহাচ্ছালামৰ পৰা পিতা নোহোৱাকৈ সৃষ্টি কৰা হৈছে। এইটো হৈছে সেইসকল ইয়াহুদীলৈ প্ৰত্যুত্তৰ যিসকলে মাৰয়ামক ব্যভিচাৰৰ অপবাদ দিয়ে।
  10. তাওহীদ বিশ্বাস কৰা পাপিষ্ঠসকল, জাহান্নামত কেতিয়াও চিৰস্থায়ী নহ’ব।
  11. আল্লাহৰ বাবে কালামৰ গুণ প্ৰমাণিত।
  12. পুনৰুত্থান প্ৰমাণিত।
  13. জান্নাত আৰু জাহান্নামো প্ৰমাণিত।
অধিক