শ্ৰেণীবিন্যাস: আক্বীদাহ .

عن أبي ذر الغفاري رضي الله عنه عن النبي صلى الله عليه وسلم فيما يرويه عن ربه: «يا عبادي، إني حرَّمتُ الظلمَ على نفسي وجعلتُه بينكم محرَّمًا فلا تَظَالموا، يا عبادي، كلكم ضالٌّ إلا من هديتُه فاستهدوني أَهْدَكِم، يا عبادي، كلكم جائِعٌ إلا من أطعمته فاستطعموني أطعمكم، يا عبادي، كلكم عارٍ إلا من كسوتُه فاسْتَكْسُوني أَكْسُكُم، يا عبادي، إنكم تُخطئون بالليل والنهار وأنا أغفر الذنوبَ جميعًا فاستغفروني أغفرْ لكم، ياعبادي، إنكم لن تَبلغوا ضَرِّي فتَضُرُّونِي ولن تَبْلُغوا نَفْعِي فتَنْفَعُوني، يا عبادي، لو أن أولَكم وآخِرَكم وإنسَكم وجِنَّكم كانوا على أتْقَى قلبِ رجلٍ واحد منكم ما زاد ذلك في ملكي شيئًا، يا عبادي، لو أن أوَّلَكم وآخِرَكم وإنسَكم وجِنَّكم كانوا على أفْجَرِ قلب رجل واحد منكم ما نقص ذلك من ملكي شيئًا، يا عبادي، لو أن أولكم وآخركم وإنسكم وجنكم قاموا في صَعِيدٍ واحد فسألوني فأعطيت كلَّ واحدٍ مسألتَه ما نقص ذلك مما عندي إلا كما يَنْقُصُ المِخْيَطُ إذا أُدخل البحر، يا عبادي، إنما هي أعمالكم أُحْصِيها لكم ثم أُوَفِّيكُم إياها فمن وجد خيرًا فليحمد الله ومن وجد غير ذلك فلا يلومن إلا نفسه».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে, মহান আল্লাহে কৈছে, "c2">“হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰতেই বস্ত্র বিচৰা, মই তোমালোকক বস্ত্র দান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্ম আৰু শেষ প্রজন্ম মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানী যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছে কুদছীটোত দ্বীনৰ মূলনীতি, শাখা-প্রশাখা আৰু শিষ্টাচাৰ আদিৰ বহুতো উপকাৰিতা অন্তর্ভুক্ত আছে, যেনে- আল্লাহ ছুবহানাহু অতাআলাই তেওঁৰ বান্দাসকলৰ প্ৰতি দয়া আৰু অনুগ্রহ কৰি সিহঁতৰ ওপৰত অন্যায়-অত্যাচাৰ কৰাটো নিজৰ ওপৰত হাৰাম কৰি লৈছে। এইদৰে তেওঁ সৃষ্টিজগতৰ মাজতো অন্যায়-অত্যাচাৰক হাৰাম কৰিছে, এতেকে কোনেও যাতে কাৰো ওপৰত অন্যায় নকৰে। আল্লাহৰ হিদায়ত আৰু তেওঁৰ তাওফীক অবিহনে সকলোৱে সত্যৰ পথৰ পৰা পথভ্ৰষ্ট। এতেকে যিয়ে আল্লাহৰ ওচৰত হিদায়ত বিচাৰে, আল্লাহে তাক হিদায়তৰ তাওফীক দান কৰে। এইদৰে সকলো সৃষ্টিজীৱেই হৈছে অভাৱী তথা আল্লাহৰ মুখাপেক্ষী। এতেকে যিয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে, আল্লাহে তাৰ প্রয়োজন পূৰণ কৰে আৰু তাৰ বাবে আল্লাহেই যথেষ্ট হৈ যায়। বান্দাসকলে দিনে-ৰাতি পাপ কৰ্ম কৰে, কিন্তু আল্লাহে সেইবোৰ গোপন কৰি ৰাখে, ইপিনে বান্দাই ক্ষমা বিচৰাৰ লগে লগে তাক ক্ষমা কৰি দিয়ে। সিহঁতে নিজৰ কথা আৰু কৰ্মৰ মাধ্যমত আল্লাহক যিমানেই অপকাৰ বা উপকাৰ কৰাৰ চেষ্টা নকৰক কিয়, কেতিয়াও সক্ষম নহ’ব। যদি সিহঁতে আটাইতকৈ উচ্চ পৰ্যায়ৰ মুত্তাক্বী ব্যক্তিৰ দৰে হৃদয়ৱান হৈ যায় অথবা সিহঁতৰ হৃদয় আটাইতকৈ পাপিষ্ঠ ব্যক্তিৰ হৃদয়ৰ দৰে হৈ যায়, তথাপিও সিহঁতৰ তাক্বৱাই আল্লাহৰ ৰাজত্বৰ একো বৃদ্ধি কৰিব নোৱাৰিব আৰু সিহঁতৰ পাপকৰ্মই তেওঁৰ ৰাজত্বৰ একো হ্রাস কৰিব নোৱাৰিব। কাৰণ সিহঁত হৈছে দুর্বল, দৰিদ্ৰ আৰু অভাৱী, সকলো অৱস্থাতে, সকলো সময়তে আৰু সকলো ঠাইতে সিহঁত আল্লাহৰ মুখাপেক্ষী। যদি সিহঁত সকলোৱে এটা পথাৰত একত্রিত হৈ আল্লাহৰ ওচৰত প্রার্থনা কৰে, আৰু আল্লাহে সিহঁতৰ প্রত্যেকৰে প্ৰাৰ্থনা কবূল কৰি সিহঁতক সিহঁতৰ বিচৰা বস্তু দান কৰে, তথাপিও (এই দানৰ ফলত) তেওঁৰ ওচৰত থকা ভাণ্ডাৰৰ একো হ্ৰাস নহ’ব। কিয়নো আল্লাহ তা‘আলাৰ ভাণ্ডাৰ সদায় পৰিপূর্ণ থাকে, দিন-ৰাতিৰ ধাৰাবাহিক ব্যয়ৰ ফলতো কেতিয়াও হ্ৰাস নহয়। আল্লাহে বান্দাসকলৰ সকলো কর্ম সংৰক্ষণ কৰি ৰাখিছে আৰু সিহঁতৰ বাবে যিবোৰ ভাল আৰু যিবোৰ সিহঁতৰ বাবে বেয়া সেই সকলো তেওঁ গণি ৰাখিছে। অৱশেষত কিয়ামতৰ দিনা আল্লাহে সিহঁতক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। এতেকে যিয়ে নিজৰ আমলৰ উত্তম প্রতিদান লাভ কৰিব, তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত, কাৰণ তেৱেঁই আনুগত্য কৰাৰ তাওফীক প্ৰদান কৰিছিল। আনহাতে যিয়ে নিজৰ কৰ্মৰ প্রতিদান হিচাপে ইয়াৰ বিপৰীত ফলাফল লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত, কিয়নো পাপকৰ্মৰ পিনে আকৰ্ষণ কৰা সিহঁতৰ অন্তৰেই সিহঁতক ক্ষতিগ্ৰস্ততাৰ পিনে টানি লৈ গৈছিল।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছুন্নাহৰ ভিতৰত আল্লাহৰ কালাম হৈছে, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা প্ৰত্যক্ষভাৱে বৰ্ণনা কৰে। ইয়াক হাদীছে কুদছী বা হাদীছে ইলাহী বোলা হয়।
  2. আল্লাহৰ বাবে কালাম সাব্যস্ত কৰা। এনেকুৱা প্ৰমাণ কোৰআনত বহুত আছে। এইটো আহলুচ ছুন্নাহ অল-জামাআতৰ সেই কথাৰ প্রমাণ য’ত তেওঁলোকে কৈছে, আল্লাহে ধ্বনী সহকাৰে কথা কয়। কিয়নো যিটো শুনা নাযায় সেইটোক কথা বুলি ক’ব নোৱাৰি।
  3. আল্লাহে অন্যায় কৰিবলৈ সক্ষম; কিন্তু তেওঁ পৰিপূর্ণ ইনচাফ অৱলম্বন কৰাৰ কাৰণে নিজৰ ওপৰত ইয়াক হাৰাম কৰি লৈছে।
  4. অন্যায় কৰা হাৰাম।
  5. আল্লাহৰ চৰীয়তসমূহ ইনচাফৰ ওপৰত প্রতিষ্ঠিত।
  6. আল্লাহৰ কিছুমান ছিফাত হৈছে নহয়বোধক। যেনে তেওঁ জুলুম বা অন্যায় নকৰে। কিন্তু আল্লাহৰ ছিফাতৰ মাজত হয়বোধক ছিফাত সাব্যস্ত নকৰাকৈ কোনো নহয়বোধক ছিফাতৰ অস্তিত্ব পোৱা নাযায়। এতেকে জুলুম নকৰাৰ অৰ্থ হৈছে তেওঁ পৰিপূর্ণ ইনচাফৰ অধিকাৰী, যাৰ মাজত কোনো ত্ৰুটি নাই।
  7. হুকুম কেৱল আল্লাহৰেই চলে। সেয়ে আল্লাহে যি ইচ্ছা কৰে সেইটোৱে নিজৰ ওপৰত হাৰাম কৰি লব পাৰে। যিদৰে তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে নিজৰ ওপৰত ওৱাজিব কৰি লয়।
  8. সত্তাৰ ক্ষেত্ৰত নফছ শব্দটোৰ প্রয়োগ। কাৰণ তেওঁ কৈছে “মোৰ নফছৰ ওপৰত”, ইয়াত নফছৰ দ্বাৰা তেওঁৰ সত্তাক বুজোৱা হৈছে।
  9. সকলো অৱস্থাতে মানুহে আল্লাহৰ পিনে ধাৱমান হোৱা অনিবাৰ্য, কাৰণ গোটেই সৃষ্টিজগত তেওঁৰেই মুখাপেক্ষী।
  10. বান্দাসকলৰ প্ৰতি আল্লাহৰ পৰিপূৰ্ণ আদল (ন্যায়পৰায়ণতা), ৰাজত্ব আৰু দয়া তথা অনুগ্রহ সদায় বিৰাজ কৰে। সেয়ে বান্দাসকলে সকলো প্ৰকাৰ প্ৰয়োজনৰ ক্ষেত্ৰত আল্লাহ অভিমুখী হোৱা উচিত।
  11. আল্লাহৰ বাহিৰে আন কাৰো ওচৰতেই হিদায়ত বিচৰা উচিত নহয়। কিয়নো তেওঁ কৈছে, তোমালোক মোৰ ওচৰত হিদায়ত বিচৰা, ময়ে তোমালোকক হিদায়ত প্ৰদান কৰিম।
  12. মুকাল্লাফসকলৰ ক্ষেত্রত মুলনীতি হৈছে, সিহঁতৰ প্ৰথম অৱস্থা হৈছে গোমৰাহী, কাৰণ প্ৰথম অৱস্থাত সিহঁতে সত্য সম্পৰ্কে একো নাজানে, সেইকাৰণেই আমল নকৰে।
  13. বান্দাই যি জ্ঞান অৰ্জন কৰে অথবা হিদায়ত লাভ কৰে, সেই হিদায়ত আৰু শিক্ষা আল্লাহৰ পৰাই লাভ কৰে।
  14. প্ৰাপ্য অধিকাৰী নোহোৱাকৈয়ে বান্দাই যাৱতীয় কল্যাণ আল্লাহৰ পৰা অনুগ্ৰহস্বৰূপে লাভ কৰে। পক্ষান্তৰে সকলো পাপকৰ্ম আদম সন্তানৰ পৰাই সংঘটিত হয়, সিহঁতৰ প্রবৃত্তিৰ অনুসৰণৰ কাৰণে।
  15. বান্দাই নিজৰ কর্ম নিজে সৃষ্টি নকৰে; বৰং সি আৰু তাৰ কর্ম উভয়েই আল্লাহৰ মাখলুক।
  16. গুনাহ তথা পাপকৰ্ম যিমানেই নহওক কিয়, আল্লাহে সেয়া ক্ষমা কৰি দিব। কিন্তু ইয়াৰ বাবে মানুহে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। এইকাৰণেই আল্লাহে কৈছেঃ তোমালোকে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। মই তোমালোকক ক্ষমা কৰি দিম।
  17. যিয়ে সৎকৰ্ম কৰিছে সি আল্লাহৰ তাওফীকতে কৰিছে। ইয়াৰ বিনিময় হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্রহ। যাৱতীয় প্রশংসা একমাত্ৰ আল্লাহৰেই।