عن عبد الله بن عمرو رضي الله عنهما يبلغ به النبي صلى الله عليه وسلم : «الرَّاحمون يرحَمُهمُ الرحمنُ، ارحموا أهلَ الأرضِ، يرحمْكم مَن في السماءِ».
[صحيح] - [رواه أبو داود والترمذي وأحمد]
المزيــد ...

আব্দুল্লাহ ইবনে আমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰি কৈছে, "c2">“ৰহমানে দয়াশীলসকলৰ প্রতি দয়া কৰে। তোমালোকে পৃথিৱীবাসীৰ প্রতি দয়া কৰা, আকাশৰ অধিকাৰীয়ে তোমালোকৰ প্রতি দয়া কৰিব।”
ছহীহ - তিৰমিজীয়ে বৰ্ণনা কৰিছে

ব্যাখ্যা

‘দয়াশীলসকল’ অর্থাৎ যিসকলে পৃথিৱীবাসীৰ প্ৰতি দয়া কৰে, মানুহেই হওক বা জীৱ-জন্তু। সিহঁতৰ প্রতি আদৰ যত্ন, ইহছান আৰু খা-খবৰ লোৱাৰ মাধ্যমত সিহঁতক সন্মান কৰে, ৰহমানে সিহঁতৰ প্রতি দয়া কৰে। ৰহমানৰ পৰা ৰহমত উৎপন্ন, যিটো স্পষ্টভাৱে বুজা যায়। অর্থাৎ, ৰহমতৰ কাৰণে (আল্লাহে) সিহঁতৰ প্রতি ইহছান তথা দয়া কৰে, কাৰণ যেনেকুৱা কর্ম তেনেকুৱা ফল। "c2">“তোমালোকে পৃথিৱীবাসীৰ প্রতি দয়া কৰা।” ইয়াত দয়া কৰাৰ ক্রিয়াটো ব্যাপক অৰ্থত ব্যৱহৃত হৈছে, ইয়াৰ মাজত সকলো মাখলুক যেনে সৎ, অসৎ, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি আদি সকলো অন্তর্ভুক্ত। "c2">“আকাশৰ অধিবাসীয়ে তোমালোকৰ প্রতি দয়া কৰিব।” অর্থাৎ আকাশত থকা সত্তাই তোমালোকৰ প্রতি দয়া কৰিব। ইয়াত এই বুলি ব্যাখ্যা কৰা বৈধ নহ’ব যে, আকাশৰ অধিবাসীৰ দ্বাৰা তেওঁৰ ৰাজত্বক বুজোৱা হৈছে। কাৰণ কোৰআন, ছুন্নাহ আৰু উম্মতৰ ইজমাৰ দ্বাৰা এই কথা প্ৰমাণিত যে, আল্লাহ তাআলা মখলুকৰ ওপৰত আছে। আনহাতে আল্লাহ আকাশত আছে এই কথাৰ দ্বাৰা আমি এইটোও বুজাব বিচৰা নাই যে, আকাশে আল্লাহক পৰিবেষ্টন কৰি আছে বা তেওঁ আকাশৰ ভিতৰত আছে। আল্লাহ এনেকুৱা বিষয়ৰ পৰা পৱিত্ৰ, বৰং ইয়াত ‘ফী’ৰ অৰ্থ হৈছে ‘আলা’। অর্থাৎ আল্লাহ আকাশৰ ওপৰত। তেওঁৰ সকলো মাখলুকৰ ওপৰত।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰহমত কিতাব আৰু ছুন্নতৰ অনুকৰণৰ মাধ্যমত সীমাবদ্ধ। এতেকে আল্লাহৰ বিধান বাস্তৱায়নৰ উদ্দেশ্যে দণ্ডবিধি জাৰি কৰা আৰু আল্লাহৰ বিধানৰ বাবেই প্রতিশোধ গ্রহণ কৰা কেতিয়াও ৰহমতৰ পৰিপন্থী নহয়।
  2. আল্লাহ আকাশত আছে, তেওঁৰ সকলো মাখলুকৰ ওপৰত।
  3. আল্লাহৰ বাবে ৰহমতৰ গুণ প্ৰমাণিত।
অধিক