উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

যেতিয়া কোনো মানুহে তাৰ ভাতৃক ভাল পায়, তেতিয়া তেওঁ তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভাল পায়।
عربي ইংৰাজী ফৰাচী
আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
عربي ইংৰাজী ফৰাচী
(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতা ব্যক্তিৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, আল্লাহে তেওঁক ক্ষমা কৰি দিলে।
عربي ইংৰাজী ফৰাচী
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, তুমি খং নকৰিবা। ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতেও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।
عربي ইংৰাজী ফৰাচী
ন্যায়পৰায়ণসকল মহান আল্লাহৰ ওচৰত নূৰৰ মিম্বাৰত অৱস্থান কৰিব, যিসকলে নিজৰ পৰিয়ালবৰ্গ আৰু অধীনস্থসকলৰ মাজত ইনচাফ আৰু সততাৰ সৈতে শাসনকাৰ্য পৰিচালনা কৰে।
عربي ইংৰাজী ফৰাচী
কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।
عربي ইংৰাজী ফৰাচী
পালোৱান বা মল্লযোদ্ধা সেই ব্যক্তি নহয়, যিয়ে আনক ধৰাশায়ী কৰে; বৰং প্ৰকৃত পালোৱান হৈছে সেই ব্যক্তি, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰে।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে কল্যাণৰ পথ দেখুৱায়, তেৱোঁ আমলকাৰীৰ সমপৰিমাণ ছোৱাব পায়।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে। আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে। আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, আল্লাহেও তাৰ প্রতি দয়া নকৰে।
عربي ইংৰাজী ফৰাচী
যি বস্তুটোৱে মানুহক অধিক হাৰত জান্নাতত প্ৰৱেশ কৰাব সেইটো হৈছে, আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্র।
عربي ইংৰাজী ফৰাচী
লজ্জা হৈছে ঈমানৰ অংশ।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।
عربي ইংৰাজী ফৰাচী
নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
عربي ইংৰাজী ফৰাচী
মুমিনসকলৰ মাজত পৰিপূৰ্ণ ঈমানৰ অধিকাৰী হৈছে সেই ব্যক্তি, যাৰ চৰিত্র অতি উত্তম, আৰু তোমালোকৰ মাজত সর্বোত্তম হৈছে সেই ব্যক্তি, যিজন তেওঁৰ স্ত্রীৰ ওচৰত উত্তম।
عربي ইংৰাজী ফৰাচী
নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰে। আনহাতে যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।
عربي ইংৰাজী ফৰাচী
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ মাজত সেইজন শ্রেষ্ঠ, যিজন নৈতিকতাত তথা চৰিত্ৰৰ ক্ষেত্ৰত সর্বোত্তম।
عربي ইংৰাজী ফৰাচী
তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।
عربي ইংৰাজী ফৰাচী
ৰহমানে দয়াশীলসকলৰ প্রতি দয়া কৰে। তোমালোকে পৃথিৱীবাসীৰ প্রতি দয়া কৰা, আকাশৰ অধিকাৰীয়ে তোমালোকৰ প্রতি দয়া কৰিব।
عربي ইংৰাজী ফৰাচী
ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।
عربي ইংৰাজী ফৰাচী
প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
عربي ইংৰাজী ফৰাচী