عن عائشة رضي الله عنها قالت: سمعت رسول الله صلى الله عليه وسلم يقول:
«إنَّ المُؤْمِنَ ليُدرِكُ بِحُسْنِ خُلُقِهِ دَرَجَةَ الصَّائِمِ القَائِمِ».

[صحيح بشواهده] - [رواه أبو داود وأحمد] - [سنن أبي داود: 4798]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।

[অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ] - [(আবু দাঊদ, আহমদ)] - [ছুনান আবি দাঊদ - 4798]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, সৎচৰিত্ৰই মানুহক গোটেই দিন ৰোজা ৰখাৰ আৰু ওৰে ৰাতি নামাজ পঢ়াৰ মৰ্যাদালৈ উন্নীত কৰে। সৎচৰিত্ৰৰ দ্বাৰা বুজোৱা হৈছেঃ সৎকৰ্ম কৰা, উত্তম কথা কোৱা, হাঁহিমুখে মানুহৰ লগত সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, আনে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা আদি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইছলামে পূৰ্ণাংগৰূপে সৎচৰিত্ৰ অৱলম্বনত অতিকৈ গুৰুত্ব প্ৰদান কৰিছে।
  2. উত্তম চৰিত্রই ছোৱাব তথা প্ৰতিদান বৃদ্ধি কৰে, আনকি উত্তম চৰিত্ৰ অৱলম্বন কৰা ব্যক্তিয়ে চওম পালনকাৰীৰ মর্যাদালৈ উন্নীত হয়, যিয়ে ধৰাবাহিকভাৱে চওম পালন কৰে, লগতে সেই তাহাজ্জুদ আদায়কাৰীৰ মর্যাদালৈ উন্নীত হয় যিয়ে ক্লান্ত নহয়।
  3. দিনটো ৰোজা ৰখা আৰু ৰাতিত তাহাজ্জুদ আদায় কৰা এই দুটা হৈছে অত্যন্ত কষ্টকৰ আমল, কিন্তু উত্তম চৰিত্ৰৱান ব্যক্তিয়ে উত্তম আচৰণ কৰিবলৈ নিজৰ মনৰ সৈতে সংগ্ৰাম কৰিব লাগে, সেয়ে তেওঁ এই মৰ্যাদালৈ উন্নীত হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (64)
অধিক