عن أبي هريرة رضي الله عنه:
أَنَّ رَجُلًا قَالَ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَوْصِنِي، قَالَ: «لَا تَغْضَبْ» فَرَدَّدَ مِرَارًا قَالَ: «لَا تَغْضَبْ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 6116]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 6116]

ব্যাখ্যা

কোনো এজন চাহাবীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপদেশ বিচাৰিলে। তেখেতে তেওঁক নিৰ্দেশ দিলে যে, তুমি খং নকৰিবা। অৰ্থাৎ তুমি এনেকুৱা বিষয়ৰ পৰা আঁতৰি থাকিবা যিবোৰে তোমাক খং কৰিবলৈ বাধ্য কৰায়, লগতে কেতিয়াবা খং উঠিলেও তাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিবা। খঙৰ বশৱৰ্তী হৈ যাতে হত্যা, মাৰপিট নাইবা গালি শপনি আদি নকৰা।
ব্যক্তিজনে বাৰে বাৰে উপদেশ বিচাৰি আছিল, তেখেতে তেওঁক ইয়াৰ বাহিৰে বেলেগ আন কোনো উপদেশ দিয়া নাছিল যে, তুমি খং নকৰিবা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ক্ৰোধৰ পৰা বিৰত থকা উচিত। কিয়নো ক্ৰোধ হৈছে সকলো অনিষ্ঠতাৰ মূল আৰু ইয়াক বৰ্জন কৰাটো হৈছে সকলো কল্যাণৰ মূল।
  2. আল্লাহৰ উদ্দেশ্যে কাৰোবাৰ প্ৰতি খং কৰা আৰু কোনো হাৰাম কাম বা চৰীয়ত বিৰোধী কাম দেখি খং উঠা দুয়োটাই প্ৰশংসনীয়।
  3. প্ৰয়োজনত কোনো কথা বাৰে বাৰে কোৱা বৈধ, যাতে শ্ৰৱণকাৰীয়ে মনোযোগ দিয়ে আৰু তাৰ প্ৰতি গুৰুত্ব দিয়ে।
  4. আলিমৰ ওচৰত উপদেশ বিচৰাৰ ফজিলত।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (67)
অধিক