عن أبي هريرة رضي الله عنه مرفوعاً: «كان رجل يُدَايِنُ الناس، وكان يقول لفَتَاه: إذا أَتَيْتَ مُعْسِرًا فَتَجَاوَزْ عنه، لعَلَّ الله أن يَتَجَاوَزَ عنَّا، فَلَقِيَ الله فتَجَاوز عنه».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতা ব্যক্তিৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, আল্লাহে তেওঁক ক্ষমা কৰি দিলে।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছৰ ভাবাৰ্থ: "c2">“প্ৰাচীনকালত এজন ব্যক্তি আছিল, যিয়ে মানুহক ঋণ প্ৰদান কৰিছিল” অৰ্থাৎ তেওঁ মানুহক ঋণ দিছিল অথবা বয়-বস্তু বাকী দিছিল। "c2">“আৰু তেওঁ নিজৰ সেই কৰ্মচাৰীজনক কৈছিল যিয়ে মানুহৰ পৰা ঋণ আদায়ত নিয়োজিত আছিল, তুমি যেতিয়া কোনো অভাৱী ঋণী ব্যক্তিৰ ওচৰলৈ ঋণৰ টকা আনিবলৈ যাবা, সেই ব্যক্তি যদি ঋণৰ টকা আদায় কৰাত অপাৰগ হয়, তেনেহ’লে তাক ক্ষমা কৰি দিবা। নহ’লে তাক ঋণ আদায়ৰ বাবে আৰু অধিক সময় দিবা কিন্তু হেঁচা নিদিবা নাইবা তাৰ ওচৰত ঋণ আদায়ৰ বাবে যিখিনি আছে সেইখিনিয়ে লবা; যদিও সেয়া ঋণৰ পৰিমাণতকৈ কম হওক। “হয়তো ইয়াৰ ফলত আল্লাহে আমাক ক্ষমা কৰি দিব” অৰ্থাৎ আল্লাহৰ বান্দাসকলক ঋণ আদায়ত সহজ কৰি দিয়াৰ ফলত আৰু ঋণৰ বোজাৰ পৰা মুক্তি আৰু তেওঁলোকৰ কষ্ট দূৰ কৰাৰ ফলত আল্লাহে হয়তো আমাক ক্ষমা কৰি দিব। এইটো দৰাচলতে তেওঁৰ ওচৰত থকা উপকাৰী ইল্মৰ কাৰণে তেওঁ এনেকুৱা দৃঢ় বিশ্বাস পোষণ কৰিছিল যে, আল্লাহে বান্দাসকলক অন্যান্য বান্দাৰ প্ৰতি কৰা সিহঁতৰ সৎকৰ্ম মুতাবিক প্ৰতিদান দিয়ে। আৰু তেওঁ দৃঢ়ভাৱে জানিছিল যে, নিশ্চয় আল্লাহে সৎকৰ্মশীল লোকৰ আমল কেতিয়াও বিনষ্ট নকৰে। "c2">“এতেকে তেওঁ (মৃত্যুৰ পিছত) যেতিয়া আল্লাহৰ সৈতে সাক্ষাৎ কৰিলে, আল্লাহে তেওঁক ক্ষমা কৰি দিলে।” মানুহৰ প্ৰতি কৰা দয়া, অৱকাশ আৰু সহজ কৰাৰ পুৰস্কাৰ স্বৰূপে আল্লাহ তেওঁক ক্ষমা কৰি দিছে; যদিও তেওঁ আন কোনো ভাল আমল কৰা নাছিল। যেনেকৈ নাছায়ী আৰু ইবনে হিব্বানৰ বর্ণনাত আহিছে: “এজন মানুহে জীৱনত কেতিয়াও কোনো ভাল কাম কৰা নাছিল, তেওঁ মানুহক ঋণ প্ৰদান কৰিছিল। আৰু ঋণ আদায়কাৰী কৰ্মচাৰীক তেওঁ নিৰ্দেশ দিছিল, মানুহে যিমানখিনি পৰিশোধ কৰিবলৈ সক্ষম তুমি সেইখিনিয়ে গ্ৰহণ কৰিবা, আৰু যিখিনি তেওঁলোকে আদায় কৰিব নোৱাৰে সেইখিনি ক্ষমা কৰি দিবা। হয়তো আল্লাহ তা‘আলাই ইয়াৰ ফলত আমাক ক্ষমা কৰি দিব। মানুহজনে যিহেতু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিছিল আৰু আল্লাহৰ বান্দাসকলৰ প্ৰতি উপকাৰ কৰিছিল, ফলত আল্লাহেও তাৰ গুনাহসমূহ ক্ষমা কৰি দিলে আৰু তাৰ কৰ্ম অনুযায়ী তাক পুৰস্কাৰ দান কৰিলে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে কল্যাণৰ আদেশ দিয়ে সেই ব্যক্তিও ছোৱাব লাভ কৰিব; যদিও সি নিজে নকৰে।
  2. আমাৰ পূৰ্বৱৰ্তী নবীসকলৰ চৰীয়তৰ কোনো বিধান যদি আমাৰ এই চৰীয়তৰ বিধানৰ পৰিপন্থী নহয়, তেন্তে সেইটো আমাৰ বাবেও চৰীয়তি বিধান।
  3. অভাৱীসকলক সুযোগ দিয়াৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে আৰু আদায়ৰ ক্ষেত্ৰত নম্ৰতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।
অধিক