শ্ৰেণীবিন্যাস: ফজিলত আৰু শিষ্টাচাৰসমূহ .

عن أبي هريرة رضي الله عنه عن رسول الله صلى الله عليه وسلم قال: «الصلوات الخمس، والجمعة إلى الجمعة، ورمضان إلى رمضان مُكَفِّراتٌ لما بينهنَّ إذا اجتُنبَت الكبائر».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ "c2">“পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, এইবোৰ হৈছে সেইবোৰ গুনাহৰ কাফফাৰা যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰা গুনাহৰ পৰা বিৰত থকা হয়।” ছহীহ – এই হাদীছটোক মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

পাঁচ ওৱাক্ত চালাতে কবীৰা গুনাহৰ বাহিৰে ইয়াৰ মধ্যৱর্তী যাৱতীয় ছগীৰা (সৰু সুৰা) গুনাহ মোচন কৰি দিয়ে, কিন্তু কবীৰা গুনাহ মোচন নকৰে। এইদৰেই এটা জুমু‘আৰ পৰা পৰৱর্তী জুমু‘আ আৰু এটা ৰামাজানৰ পৰা পৰৱর্তী ৰামাজানৰ মধ্যৱর্তী গুনাহৰ বাবে এইবোৰ হৈছে কাফফাৰা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এইবোৰ আমল উত্তমভাৱে আদায় কৰিলে ইয়াৰ দ্বাৰা তাৰ মধ্যৱৰ্তী সময়ছোৱাত হোৱা সৰু-সুৰা গুনাহবোৰ আল্লাহ তা‘আলাৰ অনুগ্রহ আৰু ৰহমতত ক্ষমা লাভৰ কাৰণ হৈ পৰে।
  2. গুণাহসমূহ দুই ভাগত বিভক্ত, সৰু আৰু ডাঙৰ।
অধিক