শ্ৰেণীবিন্যাস: ফজিলত আৰু শিষ্টাচাৰসমূহ .

عن أبي أيوب الأنصاري رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «لا يحل لمسلم أن يهجر أخاه فوق ثلاث ليال، يلتقيان: فيُعرض هذا، ويُعرض هذا، وخيرهما الذي يبدأ بالسلام».
[صحيح] - [متفق عليه]
المزيــد ...

আবু আইয়্যুব আনচাৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“কোনো মুছলিমৰ বাবেই বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় কথা-বতৰা বন্ধ ৰখা, অৰ্থাৎ যেতিয়া সিহঁতে পৰস্পৰে সাক্ষাৎ কৰে, তেতিয়া এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেই ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এজন মুছলিমক আন এজন মুছলিম ভাইৰ সৈতে তিনি দিনতকৈ অধিক সময় কথা-বতৰা বন্ধ ৰাখিবলৈ হাদীছটোত নিষেধ কৰা হৈছে। যেতিয়া সিহঁতে পৰস্পৰে সাক্ষাৎ কৰে, তেতিয়া ইজনে সিজনৰ পৰা মুখ ঘূৰাই লয়। কোনেও কাৰো লগত কথা নকয় আৰু ছালামো নিদিয়ে। ইয়াৰ দ্বাৰা আৰু এটা কথা বুজা যায় যে, মানৱ স্বভাৱৰ প্ৰতি লক্ষ্য কৰি তিনিদিন বা তাতকৈ কম সময় এজনে আনজনৰ লগত কথা কোৱা বন্ধ ৰখাত কোনো অসুবিধা নাই। কাৰণ, ক্ষোভ আৰু দুশ্চৰিত্র স্বভাৱগতভাৱেই মানুহৰ মাজত থাকে। সেয়ে তিনিদিন বা তাতকৈ কম সময় কথা নোকোৱাক ক্ষমাৰ চকুৰে চোৱা হৈছে যাতে খং গুচি যায়। কিন্তু এটা কথা মনত ৰাখিব হাদীছত যিটো বিষয় উল্লেখ কৰা হৈছে সেইটো হৈছে পাৰস্পৰিক কাৰণত। পক্ষান্তৰে আল্লাহৰ উদ্দেশ্যে যদি কাৰোবাৰ লগত কথা বন্ধ কৰে, যেনে- পাপী, বিদ‘আতী আৰু বেয়া সঙ্গীৰ সৈতে কথা কোৱা বন্ধ কৰে, সেই ক্ষেত্ৰত সময়ৰ কোনো নিৰ্ধাৰণ নাই। সেইটো হৈছে কাৰণৰ সৈতে সম্পৃক্ত। যেতিয়া কাৰণ নোহোৱা হ’ব তেতিয়া কথা-বতৰাও আৰম্ভ হ’ব। সিহঁত দুজনৰ মাজত উত্তম ব্যক্তি হৈছে সেইজন, যিয়ে এই ব্যৱধান দূৰ কৰাৰ উদ্যোগ ল’ব আৰু সাক্ষাৎ হ’লে প্রথমে ছালাম দিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পাৰ্থিৱ বিষয়ক কেন্দ্ৰ কৰি তিনি দিনতকৈ অধিক সময় এজন মুছলিমৰ সৈতে কথা বন্ধ কৰা হাৰাম।
  2. যি ব্যক্তিয়ে প্ৰথমে ছালাম কৰিব আৰু সিহঁতৰ মাজত থকা দুঃসম্পর্ক আৰু ব্যৱধান দূৰীভূত কৰিব সেই ব্যক্তিৰ মর্যাদাৰ বিৱৰণ।
  3. ছালামৰ গুৰুত্ব। ছালামে মানুহৰ মনৰ কলুষতা দূৰ কৰি দিয়ে আৰু এইটো হৈছে মুহাব্বতৰ সংকেত।
অধিক