উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, ৰুগীক শুশ্ৰুষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
عربي ইংৰাজী ফৰাচী
কোনো মুছলিমৰ বাবেই বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় কথা-বতৰা বন্ধ ৰখা, অৰ্থাৎ যেতিয়া সিহঁতে পৰস্পৰে সাক্ষাৎ কৰে, তেতিয়া এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেই ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
عربي ইংৰাজী ফৰাচী
আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।
عربي ইংৰাজী ফৰাচী
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।
عربي ইংৰাজী ফৰাচী