عَن أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«يُسَلِّمُ الرَّاكِبُ عَلَى المَاشِي، وَالمَاشِي عَلَى القَاعِدِ، وَالقَلِيلُ عَلَى الكَثِيرِ». وَلِلبُخَارِي: «يُسَلِّمُ الصَّغِيرُ عَلَى الكَبِيرِ، وَالمَارُّ عَلَى القَاعِدِ، وَالقَلِيلُ عَلَى الكَثِيرِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6232]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আৰোহণকাৰী ব্যক্তিয়ে খোজকাঢ়ি যোৱা ব্যক্তিক, আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।" আৰু বুখাৰীত আছেঃ "সৰুৱে ডাঙৰক, খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক আৰু কম সংখ্যকে বেছি সংখ্যকক ছালাম দিব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6232]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক ছালাম দিয়াৰ নিয়ম শিকাইছে, "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। যাতে সৰুৱে ডাঙৰক ছালাম কৰে, আৰোহীয়ে খোজকাঢ়ি যোৱা ব্যক্তিক ছালাম কৰে আৰু খোজকাঢ়ি যোৱা ব্যক্তিয়ে বহি থকা ব্যক্তিক ছালাম কৰে, এইদৰে কম সংখ্যকে যাতে বেছি সংখ্যক লোকক ছালাম কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. উক্ত হাদীছ মুতাবিক ছালাম দিয়াটো হৈছে মুস্তাহাব। যদি খোজকাঢ়ি যোৱা ব্যক্তিয়ে আৰোহী ব্যক্তিক ছালাম কৰে তেন্তে সেইটো জায়েজ, কিন্তু হাদীছত দেখুৱাই দিয়া পদ্ধতিটো হৈছে উত্তম।
  2. হাদীছত উল্লিখিত ধৰণে ছালাম প্ৰচাৰ কৰাটো হৈছে মুহাব্বত তথা মৰম-স্নেহ সৃষ্টি হোৱাৰ অন্যতম উপায়।
  3. হাদীছত উল্লিখিত দুটা পক্ষ যদি সমান হয় তেন্তে সিহঁতৰ মাজৰ সেই পক্ষ উত্তম বুলি বিবেচিত হ'ব, যি পক্ষই প্ৰথমে ছালাম কৰিব।
  4. এই চৰীয়ত হৈছে পূৰ্ণাংগ এটা চৰীয়ত, ইয়াত মানুহৰ প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান আছে।
  5. হাদীছটোত ছালামৰ নিয়ম-নীতি শিকোৱা হৈছে, আৰু প্ৰত্যেককে তাৰ প্ৰাপ্য অধিকাৰ দিয়া হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)
অধিক