عَنِ النُّعْمَانِ بْنِ بَشِيرٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
أَلَسْتُمْ فِي طَعَامٍ وَشَرَابٍ مَا شِئْتُمْ؟ لَقَدْ رَأَيْتُ نَبِيَّكُمْ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَمَا يَجِدُ مِنَ الدَّقَلِ مَا يَمْلَأُ بِهِ بَطْنَهُ.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 2977]
المزيــد ...
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2977]
নু’মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত মানুহক আল্লাহৰ নিয়ামতৰ কথা সোঁৱৰাই দি কৈছে যে, তোমালোক কিমান সুখী আৰু স্বাচ্ছন্দ্য অৱস্থাত আছা। তোমালোকে নিজৰ খোৱা-লোৱা কৰিব পৰা স্বাধীনতা আছে, যিমান পৰিমাণ খাব বিচৰা সিমান পৰিমাণে খাব পাৰা। ইয়াৰ পিছত তেওঁ নবী ﷺ-ৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰিছে যে, তেখেত ভোকৰ তাড়না দূৰ কৰিবলৈ তথা পেট ভৰাবলৈ নিম্ন মানৰ শুকান খেজুৰো বিচাৰি পোৱা নাছিল।