উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।
عربي ইংৰাজী উৰ্দু
নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা।
عربي ইংৰাজী উৰ্দু
মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।
عربي ইংৰাজী উৰ্দু
বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।
عربي ইংৰাজী ইন্দোনেচিয়ান
তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
عربي ইংৰাজী ইন্দোনেচিয়ান
সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।
عربي ইংৰাজী উৰ্দু
তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।
عربي ইংৰাজী উৰ্দু
দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।
عربي ইংৰাজী ইন্দোনেচিয়ান
যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।
عربي ইংৰাজী উৰ্দু