হাদীছৰ তালিকা

“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব।
عربي الإنجليزية الأوردية
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট
عربي الإنجليزية الأوردية
মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।
عربي الإنجليزية الأوردية
চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।
عربي الإنجليزية الأوردية
উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।
عربي الإنجليزية الأوردية
“মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?
عربي الإنجليزية الأوردية
কাবীৰাহ গোনাহ হৈছে: আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতা-মাতাৰ সৈতে অবাধ্যাচৰণ কৰা, কাৰোবাক হত্যা কৰা আৰু মিছা শপত খোৱা।
عربي الإنجليزية الأوردية
তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা
عربي الإنجليزية الأوردية
মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
عربي الإنجليزية الأوردية
, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
عربي الإنجليزية الأوردية
যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিম।
عربي الإنجليزية الأوردية
জান্নাত হৈছে তোমালোকৰ জুতাৰ ফিতাতকৈও অধিক নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।
عربي الإنجليزية الأوردية
জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।
عربي الإنجليزية الأوردية
যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।
عربي الإنجليزية الأوردية
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট
عربي الإنجليزية الأوردية
নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
عربي الإنجليزية الأوردية
সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।
عربي الإنجليزية الأوردية
নিশ্চয় কিছুমান মানুহে আল্লাহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে। কিয়ামতৰ দিনা সিহঁতৰ বাবে নিৰ্ধাৰিত আছে জাহান্নামৰ জুই।
عربي الإنجليزية الأوردية
প্রত্যেক আদম সন্তানেই পাপী। কিন্তু এই পাপীসকলৰ মাজত উত্তম সেইসকল, যিসকলে তাওবা কৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে
عربي الإنجليزية الأوردية
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।
عربي الإنجليزية الأوردية
(উপকাৰ লাভৰ উদ্দেশ্যৰে) যিয়েই কিবা ওলমাব, তাক সেইটোৰ ওপৰতে নিৰ্ভৰশীল কৰি দিয়া হ’ব।
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব
عربي الإنجليزية الأوردية
মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।
عربي الإنجليزية الأوردية
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক
عربي الإنجليزية الأوردية
এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।
عربي الإنجليزية الأوردية
নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা।
عربي الإنجليزية الأوردية
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কিয়ামতৰ বিষয়ে সুধিলে। তেওঁ ক’লে: কিয়ামত কেতিয়া সংঘটিত হ'ব? তেখেতে ক'লে: "তুমি ইয়াৰ বাবে কি প্ৰস্তুতি লৈছা?
عربي الإنجليزية الأوردية
সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।
عربي الإنجليزية الأوردية
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
عربي الإنجليزية الأوردية
মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।
عربي الإنجليزية الأوردية
মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই।
عربي الإنجليزية الأوردية
কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে।
عربي الإنجليزية الأوردية
এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।
عربي الإنجليزية الأوردية
বেমাৰ-আজাৰৰ সংক্ৰমণ, কুলক্ষণ, ফেঁচা আৰু ছফৰ মাহ আদিৰ মাজত কোনো অনিষ্টতা নাই। কুষ্ঠ ৰোগীৰ পৰা আঁতৰি থাকিবা, যিদৰে সিংহৰ পৰা আঁতৰি থাকা।
عربي الإنجليزية الأوردية
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।
عربي الإنجليزية الأوردية
মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।
عربي الإنجليزية الأوردية
মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।
عربي الإنجليزية الأوردية
কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।
عربي الإنجليزية الأوردية
উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।
عربي الإنجليزية الأوردية
সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।
عربي الإنجليزية الأوردية
পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।
عربي الإنجليزية الأوردية
হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ।
عربي الإنجليزية الأوردية
দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে।
عربي الإنجليزية الأوردية
জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।
عربي الإنجليزية الأوردية
মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই?
عربي الإنجليزية الأوردية
জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ?
عربي الإنجليزية الأوردية
দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব।
عربي الإنجليزية الأوردية
হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।
عربي الإنجليزية الأوردية
ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।
عربي الإنجليزية الأوردية
ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব।
عربي الإنجليزية الأوردية
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ।
عربي الإنجليزية الأوردية
তোমালোকে আলিমসকলৰ ওপৰত বাহাদুৰি দেখুৱাবলৈ, নিৰ্বোধসকলৰ সৈতে বিতৰ্ক কৰিবলৈ
عربي الإنجليزية الأوردية
আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে
عربي الإنجليزية الأوردية
যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
عربي الإنجليزية الأوردية
যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।
عربي الإنجليزية الأوردية
সিহঁতে যে তোমাৰ সৈতে বিশ্বাসঘাতকতা কৰে, তোমাৰ অবাধ্যতা কৰে আৰু তোমাৰ লগত মিছা কথা কয়, আৰু ইয়াৰ ফলত তুমি সিহঁতক যি শাস্তি বিহা, এই সকলোবোৰৰ হিচাপ-নিকাচ হ'ব
عربي الإنجليزية الأوردية
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
عربي الإنجليزية الأوردية
চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।
عربي الإنجليزية الأوردية
বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।
عربي الإنجليزية الإندونيسية
তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
عربي الإنجليزية الإندونيسية
ফিতনা মানুহৰ অন্তৰত ঢাৰি বোৱাৰ দৰে বৈ আহিব, যিদৰে ঢাৰি বনাওঁতে বাঁহৰ কাঠীবোৰ এটাৰ পিছত এটাকৈ লগোৱা হয়।
عربي الإنجليزية الإندونيسية
তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! কোনোবাই যদি মোৰ সম্পদ কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে মই কি কৰা উচিত?
عربي الإنجليزية الأوردية
পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।
عربي الإنجليزية الأوردية
হে হাকীম! এই ধন-সম্পদ হৈছে সেউজীয়া সুস্বাদু বস্তু।
عربي الإنجليزية الأوردية
হে আল্লাহ! আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন। গতিকে তুমি আনচাৰ আৰু মুহাজিৰসকলক ক্ষমা কৰি দিয়া।
عربي الإنجليزية الأوردية
সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।
عربي الإنجليزية الأوردية
মোক যেতিয়া মিৰাজলৈ লৈ যোৱা হৈছিল, সেই সময়ত মই কিছুমান লোকৰ ওচৰেৰে পাৰ হৈছিলোঁ, সিহঁতৰ নখবোৰ আছিল তামৰ, যিবোৰৰ দ্বাৰা সিহঁতে নিজৰ মুখমণ্ডল আৰু বুকু খামোচি আঘাত কৰি আছিল।
عربي الإنجليزية الأوردية
তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।
عربي الإنجليزية الأوردية
পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।
عربي الإنجليزية الأوردية
মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।
عربي الإنجليزية الأوردية
মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।
عربي الإنجليزية الأوردية
আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব।
عربي الإنجليزية الأوردية
মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।
عربي الإنجليزية الأوردية
তিনি প্ৰকাৰ লোকৰ সৈতে কিয়ামতৰ দিনা আল্লাহে কথা নক’ব, আৰু সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি
عربي الإنجليزية الأوردية
তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।
عربي الإنجليزية الأوردية
জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।
عربي الإنجليزية الأوردية
জান্নাতত এটা বজাৰ আছে, য'ত তেওঁলোকে প্ৰত্যেক জুমুআৰ দিনা আগমন কৰিব
عربي الإنجليزية الأوردية
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
عربي الإنجليزية الأوردية
তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।
عربي الإنجليزية الأوردية
নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়।
عربي الإنجليزية الأوردية
বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।
عربي الإنجليزية الأوردية
যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।
عربي الإنجليزية الإندونيسية
দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।
عربي الإنجليزية الإندونيسية
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
عربي الإنجليزية الأوردية
মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?
عربي الإنجليزية الأوردية
তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এজন আঘাতপ্ৰাপ্ত ব্যক্তি আছিল। ফলত সি সেইটোক সহ্য কৰিব পৰা নাছিল। সেয়ে সি এটা ছুৰী লৈ নিজৰ হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত সি মৃত্যুবৰণ কৰাত মহান আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ফালে আহিবলৈ খৰখেদা কৰিছে, সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।
عربي الإنجليزية الأوردية
হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।
عربي الإنجليزية الأوردية
তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা।
عربي الإنجليزية الأوردية
“তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”
عربي الإنجليزية الأوردية
এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।
عربي الإنجليزية الأوردية
যিয়ে ইছলাম গ্ৰহণ কৰিছে তেওঁ সফল হৈছে, যাক পৰিমিত জীৱিকা প্ৰদান কৰা হৈছে, আৰু আল্লাহে তেওঁক যি প্ৰদান কৰিছে তাত তেওঁ সন্তুষ্ট হৈছে।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।
عربي الإنجليزية الأوردية
তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।
عربي الإنجليزية الأوردية
জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।
عربي الإنجليزية الأوردية
আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।
عربي الإنجليزية الأوردية
জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে।
عربي الإنجليزية الإندونيسية
যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব।
عربي الإنجليزية الإندونيسية
তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা।
عربي الإنجليزية الإندونيسية
ইছলাম আৰম্ভণিত অপৰিচিত আছিল। অচিৰেই পুনৰ সেই অপৰিচিত অৱস্থালৈ উভতি যাব। এতেকে সেই অপৰিচিত অৱস্থাত যিসকলে ইছলামৰ ওপৰত অটল থাকিব, তেওঁলোকৰ বাবে আছে সুসংবাদ।
عربي الإنجليزية الإندونيسية
তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা
عربي الإنجليزية الإندونيسية
যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।
عربي الإنجليزية الإندونيسية