عن أبي بكرة نفيع بن الحارث الثقفي رضي الله عنه أن النبي صلى الله عليه وسلم قال: «إذا التَقَى المسلمانِ بسَيْفَيْهِمَا فالقاتلُ والمقْتُولُ في النَّارِ». قلت: يا رسول الله، هذا القاتلُ فما بالُ المقتولِ؟ قال: «إنه كان حريصًا على قَتْلِ صَاحِبِهِ».
[صحيح] - [متفق عليه]
المزيــد ...

আবূ বাকৰাহ নুফাই‘ ইবনুল হাৰিছ আচ ছাকাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“যেতিয়া দুজন মুছলিমে নিজৰ নিজৰ তৰোৱাল লৈ মুখামুখি হয়, তেতিয়া হত্যাকাৰী আৰু নিহত ব্যক্তি উভয়েই জাহান্নামী।” মই ক’লোঁ, হে আল্লাহৰ ৰাছুল! হত্যাকাৰীৰ কাৰণে এই শাস্তি ঠিকেই আছে। কিন্তু নিহত ব্যক্তিৰ দোষ কি? তেখেতে ক’লে, "c2">“সিও তাৰ ভাইক হত্যা কৰিবলৈ আগ্রহী আছিল।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

দুজন মুছলিমে যেতিয়া নিজৰ নিজৰ তৰোৱাল লৈ অগ্রসৰ হয়, তেতিয়া উভয়েই ইজনে সিজনক হত্যা কৰিবলৈ ইচ্ছা পোষণ কৰে, তেতিয়া হত্যাকাৰীয়ে হত্যা কৰাৰ কাৰণে জাহান্নামত যাব আৰু নিহত ব্যক্তিও জাহান্নামত যাব, কাৰণ সিও প্ৰতিপক্ষক হত্যা কৰিব বিচাৰিছিল। যদিহে আল্লাহে সিহঁতক ক্ষমা নকৰে অথবা সিহঁতৰ মাজৰ যুদ্ধ যদি ন্যায়ভাৱে নহয়, আনহাতে যদি ন্যায়ভাৱে হয় তেন্তে বিষয়টো সুকীয়া। যেনে- আল্লাহ তা‘আলাই কৈছে, "c2">“ইয়াৰ পিছত যদি তেওঁলোকৰ এটা দলে আনটো দলৰ ওপৰত সীমালংঘন কৰে, তেনেহ’লে যিটো দলে সীমালংঘন কৰিব, সেই দলৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সেই দলটো আল্লাহৰ নির্দেশৰ ফালে উভতি নাহে।” [ছুৰা আল-হুজুৰাত, আয়াত: ৯]

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে গুনাহ কৰাৰ বাবে অন্তৰিকভাৱে প্ৰস্তুত হ’ব, আত্মাক ইয়াৰ প্রতি ধাৱিত কৰিব আৰু যাৱতীয় উপকৰণ গ্রহণ কৰিব, গুনাহ সম্পন্ন হওক বা নহওক, যদি আল্লাহে তাক ক্ষমা নকৰে তেন্তে নিশ্চিতভাৱে তাৰ ওপৰত গুনাহৰ শাস্তি অৱধাৰিত হ’ব। আনহাতে যদি কোনোবাই অন্তৰত কল্পনা কৰাৰ পিছত সেইটো কাৰ্যত পৰিণত কৰাৰ ফালে ধাৱিত নহয় তেন্তে সি গুনাহগাৰ নহ’ব।
  2. মুছলিমসকলৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থকা উচিত।
অধিক