عن أبي هريرة رضي الله عنه مرفوعاً: "اجتنبوا السبع المُوبِقَات، قالوا: يا رسول الله، وما هُنَّ؟ قال: الشركُ بالله، والسحرُ، وقَتْلُ النفسِ التي حَرَّمَ الله إلا بالحق، وأكلُ الرِّبا، وأكلُ مالِ اليتيم، والتَّوَلّي يومَ الزَّحْفِ، وقذفُ المحصناتِ الغَافِلات المؤمنات".
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মৰফূ‘ হিচাপে বৰ্ণিত, "c2">“সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা তোমালোকে বিৰত থাকিবা। চাহাবাসকলে ক’লেঃ হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক’লেঃ “(১) আল্লাহৰ সৈতে শ্বিৰ্ক কৰা (২) যাদু (৩) আল্লাহে হাৰাম কৰা প্ৰাণক চৰীয়তসন্মত কাৰণ নোহোৱাকৈ হত্যা কৰা (৪) সুত খোৱা (৫) ইয়াতীমৰ সম্পদ আত্মসাৎ কৰা (৬) ৰণক্ষেত্রৰ পৰা পলায়ন কৰা আৰু (৭) সহজ-সৰল সতী-সাধ্বী মুমিনা নাৰীৰ ওপৰত অপবাদ দিয়া।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতক সাতটা ধ্বংসকাৰী পাপকৰ্মৰ পৰা দূৰৈত থকাৰ নির্দেশ দিছে। যেতিয়া তেখেতক সোধা হ’ল যে, সেইবোৰ কি কি? তেতিয়া তেখেতে সেইবোৰ বর্ণনা কৰি ক’লে যে, সেইবোৰ হৈছেঃ (১) আল্লাহৰ সমকক্ষ নির্ধাৰণ কৰি তেওঁৰ সৈতে শ্বিৰ্ক কৰা, যি প্ৰকাৰেই নহওক কিয়। তেখেতে প্ৰথমে শ্বিৰ্কৰ কথা কৈছে, কাৰণ শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ গুনাহ। (২) আল্লাহ তা‘আলাই যাক হত্যা কৰা হাৰাম কৰিছে, চৰীয়তসন্মত কাৰণ নোহোৱাকৈ তাক হত্যা কৰা। (৩) যাদু কৰা, বা যাদু শিকা (৪) সুতৰ লেনদেন কৰা, অথবা অন্য যিকোনো উপায়ে ইয়াৰ দ্বাৰা উপকৃত হোৱা। (৫) অনাথ শিশুৰ সম্পদ আত্মসাৎ কৰা (৬) কাফিৰসকলৰ সৈতে যুদ্ধ কৰা অৱস্থাত ৰণক্ষেত্রৰ পৰা পলায়ন কৰা (৭) সহজ-সৰল সতী-সাধ্বী নাৰীক যিনাৰ অপবাদ দিয়া।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শ্বিৰ্ক হাৰাম। এইটো আটাইতকৈ ডাঙৰ কবীৰা গুনাহ বা মহাপাপ।
  2. যাদু হাৰাম। এইটো বিধ্বংসী কবীৰাহ গুনাহৰ অন্যতম তথা ইছলাম বিনষ্টকাৰী বিষয়।
  3. অন্যায়ভাৱে কাৰোবাক হত্যা কৰা হাৰাম।
  4. ন্যায়সঙ্গতভাৱে কাৰোবাক হত্যা কৰা বৈধ। উদাহৰণস্বৰূপে, কিচাচ হিচাপে হত্যা কৰা, মুৰতাদ হ’লে অথবা বিবাহিত ব্যভিচাৰী ব্যক্তিক হত্যা কৰা।
  5. সুত হাৰাম আৰু ইয়াৰ পৰিণতি অতি ভয়াৱহ।
  6. ইয়াতীমৰ সম্পদৰ ওপৰত সীমালংঘন কৰা হাৰাম।
  7. যুদ্ধৰ ময়দানৰ পৰা পলায়ন কৰা হাৰাম।
  8. কাৰোবাক ব্যভিচাৰ অথবা সমকামীতাৰ অপবাদ দিয়া হাৰাম।
  9. আনহাতে কাফিৰক অপবাদ দিয়া কবীৰাহ গুনাহ নহয়।
অধিক