عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال: «إيَّاكم والظنَّ، فإن الظنَّ أكذبُ الحديث».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ সূত্রত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত, তেখেতে কৈছে, "c2">“তোমালোকে ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ ধাৰণাই হৈছে আটাইতকৈ ডাঙৰ মিছা কথা।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোত ভিত্তিহীন ধাৰণা কৰাৰ পৰা সতর্ক কৰা হৈছে। যেনে মানুহে কেৱল ধাৰণাৰ ওপৰত নির্ভৰ কৰি তথা তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয়। নিশ্চয় এইটো হৈছে এটা বেয়া চৰিত্র তথা আটাইতকৈ ডাঙৰ মিছা কথা। কাৰণ, ধাৰণাকাৰীয়ে যদি এনেকুৱা ভিত্তিহীন ধাৰণাৰ ওপৰত নির্ভৰ কৰে, যাৰ ওপৰত নির্ভৰ কৰা ঠিক নহয় আৰু সেইটোক যদি মূল হিচাপে গণ্য কৰে তথা এইক্ষেত্ৰত সি যদি নিশ্চিত হয়, তেন্তে নিশ্চিয় এইটো হ’ব এটা মিছা আৰোপ, বৰং ডাঙৰ মিছা আৰোপ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ভিত্তিহীন ধাৰণাৰ পৰা সাৱধান কৰা হৈছে।
  2. আভাস পোৱা ব্যক্তিৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাটো কোনো দোষনীয় বিষয় নহয়, উদাহৰণস্বৰূপে চৰিত্ৰহীন মানুহ, ফাছিক মানুহ।
  3. ইয়াৰ উদ্দেশ্য হৈছে সেইসমূহ অপবাদৰ পৰা সতৰ্ক কৰা যিটো অন্তৰত গাঁথি পৰে, আৰু তাৰ প্ৰতি ধাৰাবাহিক বেয়া ধাৰণা থাকি যায়। কিন্তু যিবোৰ ধাৰণা অন্তৰত উদ্ভৱ হোৱাৰ পিছত বেছি সময় নাথাকে সেইবোৰ দোষণীয় নহয়।
অধিক