শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عَنْ عَبْدِ اللَّهِ بنِ مَسْعُودٍ رضي الله عنه أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«سِبَابُ المُسْلِمِ فُسُوقٌ، وَقِتَالُهُ كُفْرٌ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 48]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 48]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোৰ দ্বাৰা এজন মুছলিমে আন এজন মুছলিমক গালি দিবলৈ নিষেধ কৰিছে। এইটো হৈছে ফাছেকী কাম, তথা এইটো হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানী। আনহাতে কোনো মুছলিমে কোনো মুছলিমক আক্ৰমণ কৰাটো হৈছে কুফৰী কাম। কিন্তু এইটো হৈছে সৰু কুফৰ।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই জাৰ্মান পুস্তু আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ৰোমানিয়ান ওৰোমো
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুছলিমসকলৰ তেজ আৰু সন্মান ৰক্ষা কৰা ওৱাজিব।
  2. বিনা কাৰণত কোনো মুছলিমক গালি দিয়াৰ পৰিণাম অতি ভয়াৱহ। কাৰণ বিনা কাৰণত গালি দিয়াটো হৈছে ফাছেকী কাম।
  3. মুছলিমক গালি পাৰিলে তথা তাৰ সৈতে কাজিয়া কৰিলে ঈমান দুৰ্বল হয় তথা হ্ৰাস হয়।
  4. কিছুমান কৰ্মক কুফৰ বুলি কোৱা হৈছে, যদিও সেইটো ডাঙৰ কুফৰৰ অন্তৰ্ভুক্ত নহয়, যি কুফৰে মানুহক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে।
  5. কিন্তু ইয়াত কুফৰৰ দ্বাৰা সৰু কুফৰক বুজোৱা হৈছে, ইয়াৰ ফলত বান্দা ইছলামৰ পৰা বহিষ্কৃত নহয়। এইক্ষেত্ৰত আহলে ছুন্নত অল জামাআতত কোনো দ্বিমত নাই। কাৰণ সৰ্বশক্তিমান আল্লাহে বিবদমান দুয়ো পক্ষকে মুমিন হিচাপেই আখ্যায়িত কৰিছে। মহান আল্লাহে কৈছেঃ "আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়। মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।" (ছুৰা আল-হুজুৰাতঃ ৯-১০)
অধিক