عن مَعقِلِ بن يَسار المُزَنِيّ رضي الله عنه قال: إني سمعت رسول الله صلى الله عليه وسلم يقول:
«مَا مِنْ عَبْدٍ يَسْتَرْعِيهِ اللهُ رَعِيَّةً، يَمُوتُ يَوْمَ يَمُوتُ وَهُوَ غَاشٌّ لِرَعِيَّتِهِ، إِلَّا حَرَّمَ اللهُ عَلَيْهِ الْجَنَّةَ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 142]
المزيــد ...

মা’কিল বিন এছাৰ আল-মুঝানী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ শুনিছোঁ তেখেতে কৈছেঃ
“যিজন বান্দাক আল্লাহে জন সাধাৰণৰ ওপৰত কৰ্তৃত্ব অৰ্পন কৰে; কিন্তু সি মৃত্যুৰ সময়ত প্ৰজাৰ প্রতি প্রতাৰণা কৰা অৱস্থাত মৃত্যুবৰণ কৰে, তেনেকুৱা ব্যক্তিৰ বাবে আল্লাহে জান্নাত হাৰাম কৰি দিছে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 142]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন দায়িত্বশীল ব্যক্তি, যাক মানুহৰ দায়িত্ব অৰ্পন কৰা হৈছে, সেয়া ৰাষ্ট্ৰৰ দায়িত্ব হওক বা নিজৰ পৰিয়ালৰ দায়িত্ব, যদি সি নিজৰ দায়িত্বত গাফিলতি কৰে আৰু প্ৰতাৰণা কৰে তথা সিহঁতৰ প্ৰতি শুভাকাংক্ষী নহয়, তেন্তে সি দ্বীন আৰু দুনিয়া উভয় অধিকাৰ খৰ্ব কৰে, আৰু সি কঠোৰ শাস্তিৰ যোগ্য হৈ পৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. এই শাস্তিৰ সতৰ্কবাণী কেৱল ৰাষ্ট্র প্রধান আৰু তেওঁৰ প্রতিনিধিসকলৰ বাবেই নিৰ্দিষ্ট নহয়; বৰং আল্লাহে যি ব্যক্তিকেই জনগণৰ দায়িত্বভাৰ অৰ্পন কৰে, সেই সকলো লোকেই ইয়াৰ অন্তৰ্ভুক্ত।
  2. গতিকে যিয়েই মুছলিমসকলৰ দায়িত্বভাৰ গ্রহণ কৰিব, তেৱেঁই তেওঁলোকৰ শুভাকাংক্ষী হোৱাটো অনিবাৰ্য। তেওঁলোকৰ আমানত সঠিকভাৱে আদায় কৰিবলৈ চেষ্টা কৰা আৰু খিয়ানত তথা বিশ্বাসঘাতকতা কৰাৰ পৰা সাৱধান হোৱা উচিত।
  3. সাধাৰণ বা বিশেষ, সৰু বা ডাঙৰ ৰাজহুৱা যিকোনো ধৰণৰ দায়িত্বভাৰ গ্রহণ কৰাটো হৈছে এটা গুৰু দায়িত্ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)