+ -

عَنْ أَبِي ذَرٍّ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«يَا أَبَا ذَرٍّ إِذَا طَبَخْتَ مَرَقَةً فَأَكْثِرْ مَاءَهَا، وَتَعَاهَدْ جِيرَانَكَ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2625]
المزيــد ...

আবূ জৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2625]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আবু জৰ গেফাৰী ৰাদ্বিয়াল্লাহু আনহুক উৎসাহিত কৰিছে যে, যেতিয়া তেওঁ আঞ্জা ৰান্ধিব তেতিয়া যেন তেওঁ আঞ্জাত অকণমান পানী বেছিকৈ দিয়ে, যাতে সেই আঞ্জাৰ পৰা অকণমান প্ৰতিৱেশীকো দিব পাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. প্ৰতিৱেশীয়ে ইজনে সিজনক হাদিয়া দিয়া মুস্তাহাব। কাৰণ ইয়াৰ ফলত মুহাব্বত বৃদ্ধি হয়। বিশেষকৈ ভাল খাদ্যৰ আয়োজন কৰিলে উপহাৰ হিচাপে আগবঢ়োৱাটো আৰু বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। এইদৰে প্ৰতিৱেশীৰ প্ৰয়োজনত সঁহাৰি দিব লাগে।
  3. সকৰ্ম কৰিবলৈ উৎসাহিত কৰা হৈছে, যদিও সেয়া কম পৰিমাণে হয়। লগতে মুছলিমসকলক উৎফুল্লিত কৰিবলৈ উৎসাহিত কৰা হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা শ্বাহিলী ডাচ গুজৰাটী ৰোমানিয়ান হাংগেৰী الجورجية
অনুবাদ চাওক