عن عائشة رضي الله عنها ، وعبد الله بن عمر رضي الله عنهما قالا: قال رسول الله صلى الله عليه وسلم : «ما زال جبريل يوصيني بالجار، حتى ظننت أنه سيورِّثه».
[صحيح] - [متفق عليه من حديث ابن عمر -رضي الله عنهما-، ورواه مسلم من حديث عائشة -رضي الله عنها]
المزيــد ...

আইশ্বা ৰাদ্বিয়াল্লাহু আনহা আৰু আব্দুল্লাহ ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বর্ণিত, উভয়ে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিয়ে। এটা সময়ত মই ধাৰণা কৰিলোঁ তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।” ছহীহ – এই হাদীছটো মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

জিব্ৰীলে সদায় মোক প্রতিৱেশীৰ বিষয়ে যত্নশীল হ’বলৈ উপদেশ দিছিল। অৱশেষত মই ধাৰণা কৰিলোঁ যে, শীঘ্রেই হয়তো জিব্ৰীল আলাইহিচ্ছালামে প্রতিৱেশীক ওৱাৰিছ হিচাপে গণ্য কৰাৰ বিষয়ে অহী লৈ অৱতৰণ কৰিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্রতিৱেশীৰ অধিকাৰৰ গুৰুত্ব আৰু সেইটো পালন কৰা যে অনিবাৰ্য সেই বিষয়ৰ বৰ্ণনা।
  2. প্রতিৱেশীৰ অধিকাৰকলৈ গুৰুত্ব সহকাৰে উপদেশ দিয়া উদ্দেশ্য হৈছে, তাৰ প্রতি সদাচৰণ কৰা, মুহাব্বত কৰা আৰু তাক সন্মান কৰা, বিপদ-আপদত সহায় কৰা, অসুস্থ হ’লে খা-খবৰ লোৱা, তাৰ আনন্দত শুভেচ্ছা জ্ঞাপন কৰা, আৰু শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰা কৰ্তব্য।
অধিক