হাদীছৰ তালিকা

জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।
عربي الإنجليزية الأوردية
মান্নত কৰিবলৈ নিষেধ কৰিছে, আৰু কৈছেঃ "নযৰ তথা মান্নতে কেতিয়াও কল্যাণ কঢ়িয়াই নানে, ইয়াৰ দ্বাৰা কেৱল কৃপণ ব্যক্তিৰ পৰা ধনহে উলিয়াই লোৱা হয়।
عربي الإنجليزية الأوردية
আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।
عربي الإنجليزية الأوردية
যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।
عربي الإنجليزية الأوردية
সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।
عربي الإنجليزية الأوردية
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব।
عربي الإنجليزية الأوردية
যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
عربي الإنجليزية الأوردية
তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।
عربي الإنجليزية الأوردية
কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।
عربي الإنجليزية الأوردية
মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।
عربي الإنجليزية الأوردية
হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।
عربي الإنجليزية الأوردية
আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব।
عربي الإنجليزية الأوردية
কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।
عربي الإنجليزية الأوردية
শপতৰ কাফ্ফাৰাই হৈছে নজৰ তথা মান্নতৰ কাফ্ফাৰাহ।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম।
عربي الإنجليزية الأوردية
যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।
عربي الإنجليزية الأوردية
আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।
عربي الإنجليزية الإندونيسية
সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।
عربي الإنجليزية الإندونيسية