عَنْ أَبِي حُمَيْدٍ السَّاعِدِيِّ رَضيَ اللهُ عنه قَالَ:
اسْتَعْمَلَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلًا عَلَى صَدَقَاتِ بَنِي سُلَيْمٍ، يُدْعَى ابْنَ اللُّتْبِيَّةِ، فَلَمَّا جَاءَ حَاسَبَهُ، قَالَ: هَذَا مَالُكُمْ وَهَذَا هَدِيَّةٌ. فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «فَهَلَّا جَلَسْتَ فِي بَيْتِ أَبِيكَ وَأُمِّكَ، حَتَّى تَأْتِيَكَ هَدِيَّتُكَ إِنْ كُنْتَ صَادِقًا» ثُمَّ خَطَبَنَا، فَحَمِدَ اللَّهَ وَأَثْنَى عَلَيْهِ، ثُمَّ قَالَ: «أَمَّا بَعْدُ، فَإِنِّي أَسْتَعْمِلُ الرَّجُلَ مِنْكُمْ عَلَى العَمَلِ مِمَّا وَلَّانِي اللَّهُ، فَيَأْتِي فَيَقُولُ: هَذَا مَالُكُمْ وَهَذَا هَدِيَّةٌ أُهْدِيَتْ لِي، أَفَلاَ جَلَسَ فِي بَيْتِ أَبِيهِ وَأُمِّهِ حَتَّى تَأْتِيَهُ هَدِيَّتُهُ، وَاللَّهِ لاَ يَأْخُذُ أَحَدٌ مِنْكُمْ شَيْئًا بِغَيْرِ حَقِّهِ إِلَّا لَقِيَ اللَّهَ يَحْمِلُهُ يَوْمَ القِيَامَةِ، فَلَأَعْرِفَنَّ أَحَدًا مِنْكُمْ لَقِيَ اللَّهَ يَحْمِلُ بَعِيرًا لَهُ رُغَاءٌ، أَوْ بَقَرَةً لَهَا خُوَارٌ، أَوْ شَاةً تَيْعَرُ» ثُمَّ رَفَعَ يَدَهُ حَتَّى رُئِيَ بَيَاضُ إِبْطِهِ، يَقُولُ: «اللَّهُمَّ هَلْ بَلَّغْتُ» بَصْرَ عَيْنِي وَسَمْعَ أُذُنِي.
[صحيح] - [متفق عليه] - [صحيح البخاري: 6979]
المزيــد ...
আবু হুমাইদ আচ-ছায়িদী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে বনু ছুলাইম গোত্ৰৰ যাকাত সংগ্ৰহ কৰিবলৈ এজন লোকক দায়িত্ব অৰ্পন কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যা। যেতিয়া সি উভতি আহিল, তেতিয়া তেখেতে তাৰ পৰা হিচাপ বিচাৰিলে। হিচাপ দিয়াৰ সময়ত সি ক'লে: "এইবোৰ হৈছে আপোনালোকৰ সম্পদ, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি তুমি সত্যবাদী তেন্তে কোৱাচোন, তুমি যদি তোমাৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলাহেঁতেন, তেন্তে তোমালৈ এই উপহাৰবোৰ আহিলহেঁতেন নে?"
ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে: প্ৰথমে তেখেতে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণাৱলী বৰ্ণনা কৰিলে, তাৰ পিছত তেখেতে ক'লেঃ "মই তোমালোকৰ মাজৰ কাৰোবাক এনেকুৱা কোনো কৰ্মত নিয়োগ কৰোঁ, যিটোৰ তত্ত্বাৱধায়ক হিচাপে আল্লাহে মোক মনোনীত কৰিছে, কিন্তু সি আহি কয়: 'এইবোৰ হৈছে আপোনালোকৰ ধন, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ, যিবোৰ মোক উপহাৰ দিয়া হৈছে।' কোৱাচোন, সি যদি নিজৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলহেঁতেন তেন্তে তাৰ ওচৰলৈ সেইবোৰ উপহাৰ আহিলহেঁতেন নে?
আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব। মই নিশ্চিতভাৱে চিনি পাম তোমালোকৰ মাজৰ যিয়ে উট বহন কৰি আল্লাহক সাক্ষাৎ কৰিব, আৰু সেই উট চিঞৰি থাকিব। অথবা গৰু বহন কৰি আনিব, সেই গৰুৱে হাম্বা হাম্বা বুলি ভেবাই থাকিব, নাইবা ছাগলী বহন কৰি আনিব, যিয়ে মে মে কৰি থাকিব।"
ইয়াৰ পিছত তেখেতে নিজৰ হাত উত্তোলন কৰিলে আৰু তেখেতৰ কাষলতিৰ শুভ্ৰতা পৰিলক্ষিত হ'ল, তেখেতে ক'লে: "হে আল্লাহ, মই তোমাৰ বাৰ্তা স্পষ্টভাৱে পোঁচাই দিয়া নাইনে?" এইটো (ঘটনাটো) মই নিজ চকুৰে দেখিছোঁ আৰু নিজ কাণেৰে শুনিছোঁ)।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6979]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বনু ছুলাইম গোত্ৰৰ জাকাত সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যাহ। যেতিয়া তেওঁ জাকাত সংগ্ৰহ কৰি মদিনাত আহি উপস্থিত হ'ল, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক হিচাপ-নিকাচৰ বাবে মাতিলে, ইবনুল লুতবিয়্যাই ক'লেঃ এইবোৰ হৈছে আপোনালোকৰ সম্পদ, যিবোৰ মই জাকাত হিচাপে সংগ্ৰহ কৰিছোঁ, আৰু এইবোৰ হৈছে মোৰ উপহাৰ, যিবোৰ মানুহে মোক প্ৰদান কৰিছে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি যদি সঁচাই সত্যবাদী, তেন্তে তুমি নিজৰ ঘৰত বহি থাকাচোন, কেইজনে তোমাক উপহাৰ দি যায়? প্ৰকৃততে তুমি যিটো কৰ্মত নিয়োজিত আছিলা, সেইটো কৰ্মক ভিত্তি কৰি মানুহে তোমাক উপহাৰ দিছে। যদি তুমি ঘৰত থাকিলাহেঁতেন তেন্তে কোনেও তোমাক উপহাৰ নিদিলেহেঁতেন। সেয়ে উপহাৰ হিচাপে তুমি পাইছা বুলিয়ে ইয়াক বৈধ বুলি গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ৰোধান্বিত হৈ মিম্বৰত আৰোহণ কৰিলে, আৰু আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি ক'লেঃ আম্মা বাদঃ মই তোমালোকৰ মাজৰ এজনক জাকাত আৰু গনীমতৰ সম্পদ সংগ্ৰহ কৰিবলৈ নিযুক্ত কৰিছিলোঁ, যিটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব আল্লাহে মোক অৰ্পন কৰিছে, সেই ব্যক্তিয়ে নিজৰ কৰ্ম সম্পাদন কৰি আহি ক'লে যে, এইবোৰ হৈছে আপোনালোকৰ আৰু এইখিনি হৈছে মোৰ, যিবোৰ মানুহে মোক উপহাৰ দিছে। সি যদি নিজৰ ঘৰত বহি থাকিলহেঁতেন, তেন্তে তাক কোনোবাই উপহাৰ দি গ'লহেঁতেন নে? আল্লাহৰ শপত খাই কৈছোঁ, যিয়ে অন্যায়ভাৱে এনেকুৱা বস্তু গ্ৰহণ কৰিব, সি কিয়ামতৰ দিনা সেইবোৰ নিজৰ কান্ধত বহন কৰি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। যদি সি উট লৈছে তেন্তে সেই উট গৰজি থাকিব, আৰু যদি গৰু লৈছে তেন্তে সেই গৰু হাম্বা হাম্বা বুলি চিঞৰি থাকিব, আনহাতে যদি ছাগলী লৈছে তেন্তে সেই ছাগলী উচ্চস্বৰে মে মে কৰি থাকিব। ইয়াৰ পিছত তেখেতে নিজৰ দুয়ো হাত ইমান ওপৰলৈ উঠালে যে, উপস্থিত লোকসকলে তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা পালে। ইয়াৰ পিছত তেখেতে ক'লেঃ হে আল্লাহ! তুমি সাক্ষী থাকা, মই তোমালোকক আল্লাহৰ বিধান পৌঁচাই দিছোঁ। ইয়াৰ পিছত আবু হুমাইদ ছায়েদী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এইটো এনেকুৱা এটা সংবাদ, যিটো তেওঁ নিজ চকুৰে দেখিছে আৰু নিজ কাণেৰে শুনিছে।