হাদীছৰ তালিকা

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, আমি সুখে-দুখে, আৰামত অথবা কষ্টত আৰু আমাৰ ওপৰত (অন্য লোকক) প্রাধান্য দিয়াৰ অৱস্থাতো আমি তেওঁৰ পূৰ্ণ আনুগত্য কৰিম। আৰু আমি ৰাষ্ট্ৰ নেতাক ক্ষমতাচ্যুত কৰিবলৈ তেওঁৰ বিৰুদ্ধে কেতিয়াও বিদ্ৰোহ নকৰোঁ।
عربي ইংৰাজী ফৰাচী
অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিযুক্ত কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যি ব্যক্তিয়ে (তেওঁলোকৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়িত্বমুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যি ব্যক্তিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু তেওঁলোকৰ অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ ‘হে আল্লাহৰ ৰাছুল! আমি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিম নেকি?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে তেওঁলোকে তোমালোকৰ মাজত চালাত কায়েম কৰিব।”
عربي ইংৰাজী ফৰাচী
ধৰ্ম হৈছে শুভকাংক্ষী।
عربي ইংৰাজী ফৰাচী
হে আল্লাহ! মোৰ উম্মতৰ যিয়ে কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰি মানুহৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, তুমি তাৰ ওপৰত কঠোৰ হোৱা।
عربي ইংৰাজী ফৰাচী
আল্লাহ তা‘আলাই যাক জনসাধাৰণৰ নেতৃত্ব প্ৰদান কৰিছে, তেওঁ যদি বিশ্বাসঘাতকতা বা প্ৰৱঞ্চনা কৰি মৃত্যুবৰণ কৰে, তেন্তে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিব।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।
عربي ইংৰাজী ফৰাচী
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
عربي ইংৰাজী ফৰাচী
অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব।
عربي ইংৰাজী ফৰাচী