عن أبي رقية تميم بن أوس الداري رضي الله عنه أن النبي صلى الله عليه وسلم قال: «الدين النصيحة» قلنا: لمن؟ قال: «لله، ولكتابه، ولرسوله، ولأئمة المسلمين وعامتهم».
[صحيح] - [رواه مسلم]
المزيــد ...

আবূ ৰুকাইয়্যাহ তামিম ইবনে আউছ আদ-দাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“দ্বীন হৈছে নছীহত বা কল্যাণ কামনা কৰাৰ নাম। আমি ক’লোঁ: কাৰ কাৰণে? তেখেতে ক’লে- আল্লাহৰ কাৰণে, তেওঁৰ কিতাবৰ কাৰণে, তেওঁৰ ৰাছূলৰ কাৰণে আৰু মুছলিমসকলৰ ইমাম আৰু সর্বসাধাৰণৰ কাৰণে কল্যাণ কামনা কৰা।” ছহীহ - এইটো মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

ইখলাছৰ সৈতে নছীহত বা কল্যাণ কামনা কৰাৰ বাবেই এই একনিষ্ঠ দ্বীনৰ আগমণ, তথা এইটো প্ৰচাৰ কৰাই ইয়াৰ অন্যতম উদ্দেশ্য। ইয়াৰ অর্থ হৈছে, আমি মহান আল্লাহৰ প্রতি ঈমান পোষণ কৰিম, তেওঁৰ একত্বক স্বীকাৰ কৰিম আৰু তেওঁক সকলো দোষ-ত্রুটিৰ পৰা পৱিত্র বুলি গণ্য কৰিম, লগতে তেওঁক সকলো পৰিপূর্ণ গুণেৰে গুণান্বিত কৰিম। আৰু বিশ্বাস কৰিম যে, কোৰআন হৈছে অৱতীৰ্ণ হোৱা আল্লাহৰ কালাম, এইটো মখলুক্ব বা সৃষ্টি নহয়। ইয়াত থকা সুস্পষ্ট বিধানৰ ওপৰত আমি আমল কৰিম আৰু ইয়াৰ মুতাশ্বাবিহৰ প্রতি ঈমান পোষণ কৰিম। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে তাক আমি সমৰ্থন কৰিম তথা সত্য বুলি বিশ্বাস কৰিম, লগতে তেওঁৰ নির্দেশ আমি মানি চলিম আৰু তেওঁ কৰা নিষেধৰ পৰা আমি বিৰত থাকিম। মুছলিমসকলৰ ইমামৰ শুভাকাংক্ষী হম, হক্কৰ ক্ষেত্রত তেওঁলোকক সহায় কৰিম আৰু তেওঁলোকে যি নাজানে সেইটো জনাই দিম আৰু তেওঁলোকে যি পাহৰি গৈছে বা যাৰ পৰা তেওঁলোক গাফিল হৈছে সেইটো তেওঁলোকক স্মৰণ কৰাই দিম। সাধাৰণ মুছলিমসকলক সত্যৰ ফালে আহ্বান কৰিম, সাধ্যানুসাৰে আমাৰ পৰা আৰু অন্যান্য লোকসকলৰ পৰা কষ্ট দূৰ কৰিম, তেওঁলোকক সৎকৰ্মৰ আদেশ দিম আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিম। তেওঁলোকৰ শুভাকাংক্ষী হোৱাৰ বা তেওঁলোকৰ কল্যাণ কামনা কৰাৰ সাৰাংশ হৈছে: আমি নিজৰ বাবে যিটো পছন্দ কৰোঁ সেইটো তেওঁলোকৰ বাবেও পছন্দ কৰিম।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কল্যাণ কামনা কৰাৰ আদেশ দিয়া হৈছে।
  2. দ্বীনৰ মাজত শুভকামনাৰ মর্যাদা মহান। এই কাৰণেই ইয়াক দ্বীন বুলি কোৱা হৈছে।
  3. কথা আৰু কৰ্ম সকলোবোৰেই দ্বীনৰ অন্তৰ্ভুক্ত।
  4. এজন আলিমৰ বাবে উচিত তেওঁ যি শিকাব সেইখিন বুজাৰ দায়িত্ব শ্রোতাৰ ওপৰত এৰি দিব লাগে, বিস্তাৰিত বর্ণনা কৰিব নালাগে, যাতে শ্রোতাই নিজ আগ্ৰহেৰে সেই বিষয়ে নিজেই প্রশ্ন কৰে, পোনপটীয়াকৈ কোৱাতকে এইদৰে প্ৰশ্ন কৰিলে তেতিয়া সেইটো বেছি গাঢ় হৈ মনত থাকিব।
  5. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া প্ৰশিক্ষণৰ সৌন্দর্য। কিয়নো তেখেতে প্রথমে সংক্ষেপে উল্লেখ কৰিছিল আৰু তাৰ পিছত বিস্তাৰিতভাৱে কৈছিল।
  6. ইল্ম অৰ্জন কৰাৰ ক্ষেত্ৰত চাহাবাসকলৰ আগ্রহ। তেওঁলোকৰ কিবা জানিবলগীয়া থাকিলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্রশ্ন কৰিছিল।
  7. সর্বাধিক গুৰুত্বপূর্ণ বিষয়ৰ দ্বাৰা আৰম্ভ কৰা উচিত, তাৰ পিছত তাতকৈ যিটো কম গুৰুত্বপূৰ্ণ সেইটো বিষয় উল্লেখ কৰা উচিত। যেনে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রথমে আল্লাহ, তাৰ পিছত তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম), তাৰ পিছত মুছলিম শাসক আৰু তাৰ পিছত তেখেতে সাধাৰণ জনতাৰ কল্যাণ কামনা কৰাৰ কথা উল্লেখ কৰিছে।
  8. বুজাৰ বাবে আৰু গুৰুত্ব প্ৰদানৰ বাবে কোনো কথা বাৰে বাৰে উল্লেখ কৰা। যেনে, ইমাম আহমাদৰ এটা বর্ণনাত “দ্বীন হৈছে শুভকামনাৰ নাম” কথাটো তিনিবাৰ উল্লেখ কৰা হৈছে।
  9. সকলোৰে বাবে শুভকামনা ইয়াৰ অর্ন্তভুক্ত।
অধিক