উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

দ্বীন হৈছে শুভ কামনাৰ নাম।
عربي ইংৰাজী উৰ্দু
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
عربي ইংৰাজী উৰ্দু
সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।
عربي ইংৰাজী উৰ্দু
পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়।
عربي ইংৰাজী ইন্দোনেচিয়ান