হাদীছৰ তালিকা

মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাছিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা,
عربي الإنجليزية الأوردية
দ্বীন হৈছে শুভ কামনাৰ নাম।
عربي الإنجليزية الأوردية
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
عربي الإنجليزية الأوردية
সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।
عربي الإنجليزية الأوردية
পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়।
عربي الإنجليزية الإندونيسية