عن عبادة بن الصامت رضي الله عنه قال: بَايَعْنَا رسول الله صلى الله عليه وسلم على السَّمع والطَّاعَة في العُسْر واليُسْر، والمَنْشَطِ والمَكْرَه، وعلَى أَثَرَةٍ عَلَينا، وعلى أَن لاَ نُنَازِعَ الأَمْر أَهْلَه إِلاَّ أَن تَرَوْا كُفْراً بَوَاحاً عِندَكُم مِن الله تَعَالى فِيه بُرهَان، وعلى أن نقول بالحقِّ أينَما كُنَّا، لا نخافُ فِي الله لَوْمَةَ لاَئِمٍ.
[صحيح] - [متفق عليه]
المزيــد ...

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, আমি সুখে-দুখে, বেদনা আৰু আনন্দত আৰু আমাৰ ওপৰত (অন্য লোকক) প্রাধান্য দিলেও আমি তেওঁৰ পূৰ্ণ আনুগত্য কৰিম। লগতে এই বিষয়েও কৰিছিলোঁ যে, আমি ক্ষমতা সংক্ৰান্ত বিষয়ত ৰাষ্ট্র নেতাৰ বিৰুদ্ধে ক্ষমতা কাঢ়ি ল’বলৈ কেতিয়াও কাজিয়া নকৰোঁ; যেতিয়ালৈকে তোমালোকে সেই ৰাষ্ট্ৰ নেতাৰ মাজত প্ৰকাশ্য কুফৰী দেখিবলৈ নাপাবা, যি বিষয়ে তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা স্পষ্ট দলীল আছে। লগতে বাইআত কৰিছিলোঁ যে, আমি সদায় সত্য কথা কম আৰু আল্লাহৰ বিষয়ে কোনো নিন্দাকাৰীৰ নিন্দাক ভয় নকৰিম। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত শ্ৰৱণ আৰু আনুগত্য কৰাৰ ওপৰত বাইআত গ্রহণ কৰিছিল। কাৰণ, আল্লাহে কৈছেঃ "c2">“হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনগত্য কৰা, লগতে ক্ষমতাশীলসকলৰ আনুগত্য কৰা”[ছুৰা আন-নিছা, আয়াত: ৫৯] ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত ক্ষমতাশীলসকলক দুটা ভাগত বিভক্ত কৰা হৈছে। আলিমসকল আৰু শাসকবৃন্দ। আলিমসকল হৈছে ইল্ম আৰু বয়ানৰ অভিভাৱক, আৰু শাসকসকল হৈছে বাস্তৱায়ন আৰু ক্ষমতা প্ৰয়োগৰ অভিভাৱক। বৰ্ণনাকাৰীয়ে কৈছেঃ আমি শ্রৱণ আৰু আনুগত্য কৰাৰ ওপৰত বাইআত কৰিছিলোঁ। যেনে হাদীছত কোৱা হৈছে: সুখতো আৰু দুখতো। অৰ্থাৎ জনসাধৰণ সম্পদশালী হওক অথবা অভাৱী, ফকীৰ হওক বা ধনী, সকলো প্ৰকাৰ জনসাধাৰণৰ ওপৰত ক্ষমতাশীলসকলৰ আনুগত্য কৰা অনিবাৰ্য আৰু তেওঁলোকৰ কথা মনাটো জৰুৰী। অনুৰূপভাৱে আগ্রহতো আৰু অনাগ্রহতো আনুগত্য অনিবাৰ্য। অৰ্থাৎ, এনেকুৱা বিষয়ৰ নিৰ্দেশ দিছে যিটোক তেওঁলোকে পছন্দ নকৰে তথাপিও আনুগত্য কৰিব লাগিব, আনহাতে যিটোক তেওঁলোকে পছন্দ কৰে সেই বিষয়ে নিৰ্দেশ দিলেও তেওঁলোকে মানিব লাগিব। "c2">“আমাৰ ওপৰত (অন্য লোকক) প্রাধান্য দিয়াৰ অৱস্থাতো আমি তেওঁ পূর্ণ আনুগত্য কৰিম”। অৰ্থাৎ ক্ষমতাশীলসকলে যদি ৰাষ্টীয় সম্পদ ইত্যাদিত প্ৰজাসকলৰ ওপৰত নিজকে প্রাধান্য দিয়ে আৰু সেইবোৰৰ দ্বাৰা তেওঁলোকে নিজে আনন্দ-ফুৰ্তি কৰে, আৰু যিসকলৰ ওপৰত তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছে, সেইসকল লোকক যদি বঞ্চিত কৰে, তথাপিও তেওঁলোকৰ কথা শুনিব আৰু তেওঁলোকৰ আনুগত্য কৰিব লাগিব। ইয়াৰ পিছত কৈছেঃ "c2">“আমি ক্ষমতা সংক্ৰান্ত বিষয়ত ৰাষ্ট্র নেতাৰ বিৰুদ্ধে ক্ষমতা কাঢ়ি ল’বলৈ কেতিয়াও কাজিয়া নকৰোঁ”। অৰ্থাৎ, আল্লাহে ক্ষমতাশীলসকলক আমাৰ ওপৰত যি ক্ষমতা প্ৰদান কৰিছে, তেওঁলোকৰ পৰা সেই ক্ষমতা কাঢ়ি লোৱাৰ বাবে আমি কেতিয়াও কাজিয়া নকৰোঁ। কাৰণ, এই ধৰণৰ বিবাদ হৈছে মহা বিপৰ্যয়, মহাফিতনা তথা এইবোৰে মুছলিমসকলৰ মাজত বিভক্তি লৈ আহে। উম্মতে মুছলিমাহ উছমান ৰাদ্বিয়াল্লাহু ‘আনহুৰ যুগৰ পৰা আজিলৈকে ক্ষমতাশীলসকলৰ সৈতে বিবাদ কৰাৰ কাৰণেই ধ্বংস হৈ আহিছে। তেখেতে কৈছেঃ যেতিয়ালৈকে তোমালোকে (তাৰ মাজত) প্ৰকাশ্য কুফৰী দেখিবলৈ নাপাবা, যি বিষয়ে তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা স্পষ্ট দলীল আছে। চাৰিটা চৰ্ত আছে, যেতিয়া আমি সেই চাৰিটা চৰ্ত দেখিবলৈ পাম আৰু সেই চাৰিটা চর্ত যেতিয়া পূৰণ হ’ব, তেতিয়া আমি তেওঁলোকৰ বিৰোধিতা কৰিম আৰু তেওঁলোকক ক্ষমতাচ্যুত কৰাৰ চেষ্টা কৰিম। প্ৰথম চৰ্ত হৈছে: তেওঁলোকৰ বিষয়ে নিশ্চিতভাৱে জনা, কেৱল ধাৰণাৰ বশৱৰ্তী হৈ তেওঁলোকৰ আনুগত্যৰ পৰা ওলাই যোৱা বৈধ নহয়। দ্বিতীয় চৰ্ত হৈছে: তেওঁলোকে কুফৰী কৰিছে বুলি স্পষ্টভাৱে জানিব লাগিব, ফাছেকী কৰ্ম ইয়াৰ অন্তৰ্ভুক্ত নহয়। শাসকসকলে ফাছেকী কৰ্ম কৰিলেও তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বৈধ নহয়। যদিও তেওঁলোকে মাদক দ্ৰৱ্য সেৱন, ব্যভিচাৰ আৰু মানুহৰ ওপৰত অন্যায়-অত্যাচাৰ নকৰক কিয়। কিন্তু যদি তেওঁলোকে সুস্পষ্ট আৰু প্ৰকাশ্য কুফৰী কৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বৈধ। তৃতীয় চর্ত হৈছে: স্পষ্ট কুফৰী কৰা। কিন্তু যদি কোনো ব্যাখ্যা বা বর্ণনাৰ সম্ভাৱনা প্ৰয়োজন হয়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বৈধ নহ’ব। অৰ্থাৎ তেওঁলোকে এনেকুৱা কোনো কৰ্ম কৰিছে যিটোক আমি কুফৰী বুলি বিবেচনা কৰোঁ; কিন্তু সেইটো কুফৰী নোহোৱাৰো সম্ভাৱনা আছে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বা তেওঁলোকৰ সৈতে বিবাদ কৰা বৈধ নহয়। কিন্তু যদি সেইটো সুস্পষ্ট কুফৰ হয় উদাহৰণস্বৰূপে, তেওঁ যদি জনগণৰ বাবে ব্যভিচাৰ কৰা আৰু মদিৰা সেৱন কৰাক বৈধ কৰে। চতুৰ্থ চৰ্ত: তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা সুস্পষ্ট দলীল আছে। অৰ্থাৎ যি বিষয়ে আমাৰ ওচৰত অকাট্য প্ৰমাণ আছে যে, সেইটো কুফৰ। কিন্তু যদি প্ৰমান সাব্যস্ত হোৱাৰ ক্ষেত্রটো দুৰ্বল হয় বা বুজাৰ ক্ষেত্রটো দুৰ্বল হয়, তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বৈধ নহয়। কাৰণ, শাসকসকলৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ ক্ষেত্ৰত বহুতো ক্ষয়-ক্ষতি আৰু অনেক অনিষ্টতা আছে। আনহাতে যেতিয়া আমি তেওঁলোকৰ মাজত এইবোৰ চৰ্ত দেখিবলৈ পাম, তেতিয়া সেই সময় পর্যন্ত তেওঁলোকৰ বিৰোধিতা কৰা নাযাব যেতিয়ালৈকে আমি সেইটোক দূৰ কৰাৰ ক্ষমতা অৰ্জন কৰিব নোৱাৰোঁ। যদি আমাৰ কোনো ক্ষমতা নাথাকে তেন্তে তেওঁলোকৰ বিৰোধিতা কৰা বৈধ নহয়। কাৰণ, হয়তো জনগণে যেতিয়া তেওঁলোকৰ বিৰোধিতা কৰিব; অথচ সিহঁতৰ হাতত কোনো ক্ষমতা নাই, তেতিয়া সি অৱশিষ্ট ভালৰ ওপৰত ক্ষমতা চলাব। তেতিয়া তাৰ ক্ষমতা আৰু পূর্ণতা লাভ কৰিব। উক্ত চৰ্তবোৰ হৈছে বৈধ অথবা অনিবাৰ্য হোৱাৰ চৰ্ত। শাসকৰ বিৰুদ্ধে বিদ্রোহ কৰা সেই সময়ত অনিবাৰ্য যেতিয়া উপযুক্ত ক্ষমতা থাকিব। যদি সক্ষমতা নাথাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা বৈধ নহয়। কাৰণ, এইটো হ’ব আত্মঘাতী—নিজকে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া। কাৰণ, সেই সময়ত বিদ্রোহ কৰি কোনো লাভ নাই।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পাপকৰ্মৰ বাহিৰে অন্যান্য বিষয়ত মুছলিম ক্ষমতাশীলসকলৰ কথা মনা আৰু শুনাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
  2. আনুগত্য কৰাৰ ফলাফল বিষয়ত হাদীছত যিবোৰ কথা আলোচনা কৰা হৈছে, তাৰে অন্যতম হৈছে, মুছলিমসকলৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰা, তেওঁলোকৰ মাজৰ পৰা অনৈক্য আৰু বিবাদ দূৰ কৰা।
  3. ক্ষমতাশীলসকলৰ লগত বিবাদ কৰা ঠিক নহয়, কিন্তু তেওঁলোকৰ ফালৰ পৰা সুস্পষ্ট কুফৰী কাৰ্য প্ৰকাশ পালে বিবাদ কৰিব লাগিব। তেতিয়া যিমানেই কুৰবানী দিবলগীয়া নহওক কিয়, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু সত্যৰ পক্ষ লোৱা অনিবাৰ্য।
  4. ক্ষমতাশীলসকলৰ বিৰুদ্ধে বিদ্রোহ কৰা আৰু তেওঁলোকৰ সৈতে যুদ্ধ কৰা সৰ্বসন্মতভাৱে হাৰাম; যদিও তেওঁলোক ফাছিক নহওক কিয়। কাৰণ, তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰিলে তেওঁলোকৰ অপৰাধৰ তুলনাত ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। গতিকে যিফালে ক্ষতি কম সেইটো গ্রহণ কৰা উচিত।
  5. ডাঙৰ শাসকৰ আনুগত্য কেৱল আল্লাহৰ আনুগত্যৰ মাজতেই সীমাৱদ্ধ।
  6. ইচ্ছা অনিচ্ছা, সচ্ছল আৰু অসচ্ছল সকলো অৱস্থাতেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত সবোৰ্চ্চ ক্ষমতাশীলসকলৰ আনুগত্য কৰা অনিবাৰ্য; যদিও সেইটো ইচ্ছাৰ বিপক্ষে হয়।
  7. ক্ষমতাশীলসকলৰ অধিকাৰক সন্মান কৰা আৰু ইচ্ছা-অনিচ্ছা, সচ্ছল-অসচ্ছল লগতে নিজকে কোনো বিষয়ত প্রাধান্য দিয়াৰ ক্ষেত্রতো তেওঁলোকৰ আনুগত্য কৰা ওৱাজিব।