+ -

عن عرفجة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول:
«مَنْ أَتَاكُمْ وَأَمْرُكُمْ جَمِيعٌ عَلَى رَجُلٍ وَاحِدٍ، يُرِيدُ أَنْ يَشُقَّ عَصَاكُمْ، أَوْ يُفَرِّقَ جَمَاعَتَكُمْ، فَاقْتُلُوهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1852]
المزيــد ...

আৰফাজাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1852]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমসকল এজন আমীৰৰ অধীনত জামাতবদ্ধ হৈ থকাৰ সময়ত যদি কোনোবাই নেতৃত্ব কাঢ়ি লবলৈ বিবাদ সৃষ্টি কৰে অথবা মুছলিমসকলক যদি বিভিন্ন গোটত বিভক্ত কৰিবলৈ প্ৰয়াস কৰে, তেন্তে অনিষ্টতা দূৰ কৰিবলৈ আৰু মুছলিমসকলৰ তেজ সুৰক্ষিত কৰিবলৈ তাক বাধা দিয়া আৰু তাৰ সৈতে যুদ্ধ কৰা অনিবাৰ্য হৈ পৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গুনাহ নোহোৱাকৈ মুছলিম শাসকৰ কথা মনা আৰু তেওঁৰ আনুগত্য কৰা ওৱাজিব। তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰা হাৰাম।
  2. মুছলিম জামাত আৰু আমিৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ব্যক্তিক হত্যা কৰা ওৱাজিব, তাৰ মৰ্যাদা আৰু বংশ যিমানেই উচ্চমানৰ নহওক কিয়।
  3. একতাৰ প্রতি উৎসাহ প্রদান কৰা হৈছে আৰু মতানৈক্য তথা মতোবিৰোধ পৰিহাৰ কৰিবলৈ উৎসাহ দিয়া হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক