উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, আমি সুখে-দুখে, আৰামত অথবা কষ্টত আৰু আমাৰ ওপৰত (অন্য লোকক) প্রাধান্য দিয়াৰ অৱস্থাতো আমি তেওঁৰ পূৰ্ণ আনুগত্য কৰিম। আৰু আমি ৰাষ্ট্ৰ নেতাক ক্ষমতাচ্যুত কৰিবলৈ তেওঁৰ বিৰুদ্ধে কেতিয়াও বিদ্ৰোহ নকৰোঁ।
عربي ইংৰাজী ফৰাচী
অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিযুক্ত কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যি ব্যক্তিয়ে (তেওঁলোকৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়িত্বমুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যি ব্যক্তিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু তেওঁলোকৰ অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ ‘হে আল্লাহৰ ৰাছুল! আমি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিম নেকি?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে তেওঁলোকে তোমালোকৰ মাজত চালাত কায়েম কৰিব।”
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।
عربي ইংৰাজী ফৰাচী