عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم أنه قال: «من خرج من الطاعة، وفارق الجماعة فمات، مات مِيتَةً جاهلية، ومن قاتل تحت راية عِمِّيَّة يغضب لِعَصَبَة، أو يدعو إلى عَصَبَة، أو ينصر عَصَبَة، فقتل، فَقِتْلَة جاهلية، ومن خرج على أمتي، يضرب برها وفاجرها، ولا يَتَحَاشَى من مؤمنها، ولا يفي لذي عهد عهده، فليس مني ولست منه»،
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“যি ব্যক্তিয়ে আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মাতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছটোৰ অর্থ হৈছে এই যে, যি ব্যক্তিয়ে এনেকুৱা এটা জামাত ত্যাগ কৰে যি জামাত এজন উপযুক্ত ইমামৰ নেতৃত্বত একমত হৈছে, যি ইমামে তেওঁলোকৰ যাৱতীয় কর্ম সম্পাদন কৰে, তেওঁলোকক একতাৰ ওপৰত কায়েম ৰাখে আৰু শত্ৰুৰ পৰা তেওঁলোকক হিফাজত কৰে, এনেকুৱা জামাতক যিয়ে ত্যাগ কৰে আৰু মুছলিমসকলৰ যাৱতীয় কর্মৰ অভিভাৱকৰ আনুগত্যৰ পৰা ওলাই যায় সি দৰাচলতে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰে। কিয়নো জাহিলি যুগৰ লোকসকল আছিল বিশৃঙ্খল আৰু ইমামহীন। আৰু যি ব্যক্তিয়ে এনেকুৱা পতাকাৰ নেতৃত্বত যুদ্ধ কৰে যাৰ যাৱতীয় কার্যক্রম অন্ধ তাৰ একোৱেই স্পষ্ট নহয় যেনে, জাতীয়তাবাদ বা বংশৰ বাবে যুদ্ধ কৰা, যিসকলে জাতীয়তাবাদকলৈ ক্ৰোধ প্ৰদৰ্শন কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা এই ক্ষেত্ৰত সহায় কৰে। ইয়াৰ অৰ্থ হৈছে, সি নিজৰ চাহিদা পূৰণৰ বাবে তথা আক্রোশ দমন কৰিবলৈ নিজৰ জাতিৰ সহযোগিতা কৰে বা প্রবৃত্তিৰ বাবে যুদ্ধ কৰে। এতেকে যি ব্যক্তিয়ে উম্মাতৰ বিপক্ষে যুদ্ধ কৰে, ভাল-বেয়াৰ মাজত পাৰ্থক্য নকৰে, নিৰাপত্তাপ্রাপ্ত আৰু চুক্তিবদ্ধ, দেশৰ নাগৰিক আৰু মুছলিম দেশত টেক্সৰ বিনিময়ত থকা যিম্মী আদি সকলোকে হত্যা কৰে, তথা এই ক্ষেত্ৰত কোনো ভ্ৰূক্ষেপ নকৰে, ইয়াৰ পৰিণতি আৰু শাস্তিক ভয় নকৰে, সেই ব্যক্তিৰ লগত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো সম্পৰ্ক নাই।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ অবাধ্যতা নকৰাকৈ শাসকৰ আনুগত্য কৰা ওৱাজিব।
  2. এই হাদীছটোত কঠিন সতর্কবাণী আছে সেই ব্যক্তিৰ বাবে যিয়ে মুছলিমসকলৰ পৰা ওলাই যায় আৰু ইমামৰ আনুগত্যক নসাৎ কৰে আৰু মুছলিমসকলৰ জামাত ত্যাগ কৰে। যদি সেই ব্যক্তি এই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে সি জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিব।
  3. হাদীছটোৱে প্রমাণ কৰে যে, যদি কোনো ব্যক্তিয়ে জামাত ত্যাগ কৰিছে, কিন্তু তেওঁলোকৰ বিপক্ষে বিদ্রোহ কৰা নাই আৰু তেওঁলোকৰ সৈতে যুদ্ধও কৰা নাই, আমি তেওঁক জামাতত ওভোতাই আনিবলৈ তথা ইমামৰ আনুগত্য কৰিবলৈ বাধ্য কৰাৰ বাবে যুদ্ধ নকৰোঁ। বৰং আমি তাক সেই অৱস্থাতে এৰি দিম।
  4. আনুগত্য কৰা আৰু জামাতবদ্ধ হৈ থকাৰ মাজত আছে অসংখ্য কল্যাণ, নিৰাপত্তা, শান্তি তথা অৱস্থাৰ সংশোধন।
অধিক