+ -

عَنْ أُمِّ سَلَمَةَ أُمِّ المُؤمنين رضي الله عنها: أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ:
«سَتَكُونُ أُمَرَاءُ فَتَعْرِفُونَ وَتُنْكِرُونَ، فَمَنْ عَرَفَ بَرِئَ، وَمَنْ أَنْكَرَ سَلِمَ، وَلَكِنْ مَنْ رَضِيَ وَتَابَعَ» قَالُوا: أَفَلَا نُقَاتِلُهُمْ؟ قَالَ: «لَا، مَا صَلَّوْا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1854]
المزيــد ...

উম্মে ছালামাহ উম্মুল মুনিনীন -ৰাদ্বিয়াল্লাহু আনহা-ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"c2">“অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ "c2">“নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”

صحيح - رواه مسلم

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ ওপৰত এনেকুৱা শাসকে শাসন চলাব, যিসকলৰ কিছুমান কাম ভাল হ'ব অৰ্থাৎ চৰীয়ত সন্মত, আৰু কিছুমান হ'ব অসৎ অৰ্থাৎ চৰীয়ত বিৰোধী। এতেকে সিহঁতৰ বেয়া কামবোৰক খণ্ডন কৰাৰ যাৰ ক্ষমতা নাই তেওঁ যদি অন্তৰেৰে সেইবোৰক ঘৃণা কৰে তেন্তে তেওঁ নিফাক আৰু গুনাহৰ পৰা দায়মুক্ত হৈ যাব। এইদৰে যাৰ ওচৰত হাত আৰু মুখৰ দ্বাৰা সেইবোৰৰ প্ৰতিবাদ কৰাৰ ক্ষমতা আছে আৰু তেওঁ যদি সেই ক্ষমতাৰ সদ্ব্যৱহাৰ কৰে তেন্তে তেৱোঁ গুনাহৰ পৰা ৰক্ষা পাব আৰু সিহঁতৰ এই পাপকৰ্মত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনহাতে যিয়ে সিহঁতক সমৰ্থন কৰিব আৰু সিহঁতৰ অনুসৰণ কৰিব, সি সিহঁতৰ দৰেই ধ্বংস হ'ব।
ইয়াৰ পিছত চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলেঃ এনেকুৱা বৈশিষ্ট্য থকা শাসকৰ বিৰুদ্ধে আমি যুদ্ধ নকৰিমনে? এই কথা শুনি তেখেতে তেওঁলোকক নিষেধ কৰিলে আৰু ক'লেঃ নহয়, সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে নামাজ পঢ়িব।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান ছুইডিছ আমহাৰিক গুজৰাটী কিৰ্গিজ নেপালী ইয়োৰুবা দাৰী ছোমালি কিনিয়াৰৱাণ্ডা ৰোমানিয়ান চেক মালাগাছি
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰমাণ হৈছে এই যে, তেখেতে ভৱিষ্যতে হ'বলগীয়া কিছুমান এনেকুৱা ঘটনাৰ সংবাদ দিছে যিবোৰ পৰৱৰ্তী সময়ত ঠিক সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে জনাইছিল।
  2. অসৎকৰ্মক সমৰ্থন কৰা আৰু তাত অংশ গ্ৰহণ কৰা বৈধ নহয়। বৰং সেইবোৰক খণ্ডন কৰা অনিবাৰ্য।
  3. যদি শাসকসকল চৰীয়ত বিৰোধী কামত লিপ্ত হয় তেন্তে সেই ক্ষেত্ৰত সিহঁতৰ অনুসৰণ কৰা বৈধ নহয়।
  4. মুছলিম শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বৈধ নহয়। কাৰণ ইয়াৰ ফলত বিপৰ্যয় সৃষ্টি হ'ব, ৰক্ত প্ৰবাহিত হ'ব আৰু শান্তি তথা নিৰাপত্তাহীনতাই বিৰাজ কৰিব। গতিকে তেনে ক্ষেত্ৰত পাপিষ্ট শাসকক সহ্য কৰাটোৱে শ্ৰেয়, আনকি এনেক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে অধিক উত্তম।
  5. নামাজৰ গুৰুত্ব অধিক। কাৰণ এইটো হৈছে কুফৰ আৰু ইছলামৰ মাজত পাৰ্থক্যকাৰী প্ৰাচীৰ।
অধিক