عَنْ عِكْرِمَةَ:
أَنَّ عَلِيًّا رَضِيَ اللَّهُ عَنْهُ حَرَّقَ قَوْمًا، فَبَلَغَ ابْنَ عَبَّاسٍ فَقَالَ: لَوْ كُنْتُ أَنَا لَمْ أُحَرِّقْهُمْ لِأَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «لاَ تُعَذِّبُوا بِعَذَابِ اللَّهِ»، وَلَقَتَلْتُهُمْ كَمَا قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ بَدَّلَ دِينَهُ فَاقْتُلُوهُ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 3017]
المزيــد ...
ইকৰিমাৰ পৰা বৰ্ণিত যে,
আলী ৰাদ্বিয়াল্লাহু আনহুৱে কিছুমান লোকক অগ্নিদগ্ধ কৰি শাস্তি বিহিছিল, এই সংবাদ যেতিয়া ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে পালে, তেতিয়া তেওঁ ক'লেঃ যদি সেই দায়িত্বত মই থাকিলোঁহেঁতেন তেন্তে মই কেতিয়াও সিহঁতক জুইত পুৰি শাস্তি নিবিহিলোঁহেঁতেন। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।" বৰং মই সিহঁতক (হত্যা কৰি) মৃত্যুদণ্ড বিহিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ধৰ্ম ত্যাগ কৰে, তাক হত্যা কৰা।"
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 3017]
হাদীছটোত উল্লেখ হৈছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ত্যাগ কৰা কেইজনমান নাস্তিকক জুইত নিক্ষেপ কৰি শাস্তি বিহিছিল। এই খবৰ আব্দুল্লাহ ইবনে আব্বাছে লাভ কৰাৰ পিছত তেওঁ সিহঁতৰ শাস্তিৰ বিষয়টোক সমৰ্থন কৰিছিল কিন্তু জুইত পুৰি শাস্তি বিহা কাৰ্য্যক সমৰ্থন কৰা নাছিল। তেওঁ কৈছিল, সেই পদৱীত যদি মই থাকিলোঁহেঁতেন তেন্তে কেতিয়াও মই সিহঁতক জুইত নিক্ষেপ কৰি শাস্তি নিদিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, জুইৰ দ্বাৰা শাস্তি বিহা উচিত নহয়, কাৰণ জুইৰ শাস্তি কেৱল আল্লাহে বিহিব। ইয়াৰ বিপৰীতে সিহঁতক হত্যা কৰিলেই যথেষ্ট হ'লহেঁতেন, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে ইছলামৰ পৰা আঁতৰি যায় আৰু নিজৰ ধৰ্ম পৰিবৰ্তন কৰে তাক তোমালোকে হত্যা কৰা।