عَنْ عَلِيٍّ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنْ أَصَابَ حَدًّا فَعُجِّلَ عُقُوبَتَهُ فِي الدُّنْيَا فَاللَّهُ أَعْدَلُ مِنْ أَنْ يُثَنِّيَ عَلَى عَبْدِهِ العُقُوبَةَ فِي الآخِرَةِ، وَمَنْ أَصَابَ حَدًّا فَسَتَرَهُ اللَّهُ عَلَيْهِ وَعَفَا عَنْهُ فَاللَّهُ أَكْرَمُ مِنْ أَنْ يَعُودَ فِي شَيْءٍ قَدْ عَفَا عَنْهُ».

[حسن] - [رواه الترمذي وابن ماجه] - [سنن الترمذي: 2626]
المزيــد ...

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে হদ্দযোগ্য (শাস্তি পোৱাৰ উপযুক্ত) অপৰাধ কৰিছে, আৰু তাক যদি পৃথিৱীতেই সেই শাস্তি প্ৰদান কৰা হয়, তেন্তে জানি থোৱা! মহান আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি আখিৰাতত পুনৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত নিশ্চিতভাৱে ন্যায়বিচাৰ কৰিব। আনহাতে যদি কোনোবাই হদ্দযোগ্য কোনো অপৰাধ কৰে, আৰু আল্লাহে যদি তাৰ সেই অপৰাধ গোপন কৰি ৰাখে, আৰু তাক ক্ষমা কৰি দিয়ে, তেন্তে জানি থোৱা! আল্লাহে ক্ষমা কৰাৰ পিছত পুনৰ সেই বিষয়টোক চালিজাৰি চোৱাৰ ক্ষেত্ৰত তেওঁ অত্যন্ত দয়াশীল।"

[হাছান] - [(তিৰমিজী, ইবনে মাজাহ)] - [ছুনান তিৰমিজী - 2626]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোনো গুৰুতৰ অপৰাধ কৰে, যাৰ ফলত তাৰ ওপৰত চৰীয়তৰ হদ্দ (শাস্তি) জাৰি হয়, উদাহৰণস্বৰূপে ঝিনা, চুৰি আদি। সেই ব্যক্তিয়ে যদি পৃথিৱীতেই শাস্তি পায় তথা তাৰ ওপৰত যদি চৰীয়তৰ শাস্তি কাৰ্যকৰী কৰা হয়, তেন্তে এই শাস্তিৰ ফলত তাৰ সেই গুনাহ মোচন হৈ যায়, আৰু আখিৰাতত হ'বলগীয়া তাৰ শাস্তি উঠাই লোৱা হয়। কিয়নো মহান আল্লাহ অত্যন্ত দয়ালু, পৰম কৰুণাময়, তেওঁ বান্দাক এটা অপৰাধৰ কাৰণে দুবাৰকৈ শাস্তি নিবিহে। পক্ষান্তৰে পৃথিৱীত যাৰ গুনাহ গোপন হৈ থাকে, আৰু সেই অপৰাধৰ কোনো শাস্তি বিহা নহয়, সেই ব্যক্তিক যদি আল্লাহে মাফ কৰি দিয়ে তথা ক্ষমা কৰি দিয়ে, তেন্তে সৰ্বশক্তিমান আল্লাহ হৈছে অত্যন্ত উদাৰ পৰম দয়াশীল, তেওঁ বান্দাৰ কোনো গুনাহ ক্ষমা কৰি দিয়াৰ পিছত পুনৰ সেই গুনাহৰ শাস্তি নিদিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মহান আল্লাহৰ ন্যায়, দয়া, ৰহমত তথা অনুগ্ৰহ অত্যন্ত ব্যাপক।
  2. পৃথিৱীত কোনো অপৰাধৰ শাস্তি বিহা হ'লে, তাৰ ফলত সেই অপৰাধৰ গুনাহ মোচন হৈ যায়।
  3. যাৰ দ্বাৰা কোনো অপৰাধ হৈ যায়, তেওঁ নিজৰ সেই গুনাহ গোপন কৰি আল্লাহৰ শৰণাপন্ন হ'ব লাগে, আৰু যিমান সোনকালে হয় তাওবায়ে নাছুহা কৰিব লাগে।
অনুবাদ চাওক
ভাষা: الإنجليزية الإندونيسية البنغالية অধিক (34)
শ্ৰেণীবিন্যাসসমূহ