عَنْ عُبَادَةَ بْنِ الصَّامِتِ رَضِيَ اللَّهُ عَنْهُ، وَكَانَ شَهِدَ بَدْرًا، وَهُوَ أَحَدُ النُّقَبَاءِ لَيْلَةَ العَقَبَةِ: أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ، وَحَوْلَهُ عِصَابَةٌ مِنْ أَصْحَابِهِ:
«بَايِعُونِي عَلَى أَلَّا تُشْرِكُوا بِاللَّهِ شَيْئًا، وَلاَ تَسْرِقُوا، وَلاَ تَزْنُوا، وَلاَ تَقْتُلُوا أَوْلاَدَكُمْ، وَلاَ تَأْتُوا بِبُهْتَانٍ تَفْتَرُونَهُ بَيْنَ أَيْدِيكُمْ وَأَرْجُلِكُمْ، وَلاَ تَعْصُوا فِي مَعْرُوفٍ، فَمَنْ وَفَى مِنْكُمْ فَأَجْرُهُ عَلَى اللَّهِ، وَمَنْ أَصَابَ مِنْ ذَلِكَ شَيْئًا فَعُوقِبَ فِي الدُّنْيَا فَهُوَ كَفَّارَةٌ لَهُ، وَمَنْ أَصَابَ مِنْ ذَلِكَ شَيْئًا ثُمَّ سَتَرَهُ اللَّهُ فَهُوَ إِلَى اللَّهِ، إِنْ شَاءَ عَفَا عَنْهُ وَإِنْ شَاءَ عَاقَبَهُ» فَبَايَعْنَاهُ عَلَى ذَلِكَ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 18]
المزيــد ...
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশগ্ৰহণকাৰী আৰু আকাবাৰ ৰাতিত অৱস্থান কৰা নকীবসকলৰ অন্যতম এজন। তেওঁ বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেইবাজনো চাহাবাৰ উপস্থিতিত কৈছে যে,
"তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা। নিজৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ জাপি নিদিবা, সৎকৰ্মত অবাধ্যতা নকৰিবা। তোমালোকৰ মাজৰ যিয়ে এইবোৰ পালন কৰিব, তাৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আনহাতে কোনোবাই যদি এনেকুৱা কোনো কৰ্মত লিপ্ত হৈ পৃথিৱীতে শাস্তি পায় তেন্তে সেইটো হ'ব তাৰ প্ৰায়শ্চিত্ত। এইদৰে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে আৰু সেইটোক যদি আল্লাহে গোপন ৰাখে তেন্তে সেইটো হ'ব আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে তাক মাফ কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে।" আমি এইবোৰ বিষয়ত তেওঁৰ বাইআত গ্ৰহণ কৰিছিলোঁ।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 18]
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা বাদ্ৰী চাহাবী, লগতে তেওঁ আছিল তেওঁৰ গোত্ৰ এজন প্ৰধান ব্যক্তি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰাৰ পূৰ্বে মক্কাত থকা অৱস্থাত মীনাত আকাবাৰ ৰাতিত উবাদাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে তেখেতক সহায়-সহযোগ কৰিবলৈ তথা সমৰ্থন আগবঢ়াবলৈ গৈছিল। তেওঁ বৰ্ণনা কৰিছে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজত বহি আছিল, তেনেতে তেখেতে চাহাবাসকলক কেইবাটাও বিষয়ত অংগীকাৰ ল'বলৈ ক'লে যে, প্ৰথমঃ আল্লাহৰ ইবাদতত কাকো অংশীদাৰ স্থাপন নকৰিবা, যদিও সেয়া যিমানেই সৰু নহওক কিয়। দ্বিতীয়ঃ চুৰি নকৰিবা। তৃতীয়ঃ জিনাৰ দৰে ব্যভিচাৰ নকৰিবা তথা অশ্লীলতাত লিপ্ত নহ'বা। চতুৰ্থঃ নিজৰ সন্তানক হত্যা নকৰিবা, ল'ৰাই হওক বা ছোৱালী। ল'ৰাক ভৰণ পোষণৰ ভয়ত আৰু ছোৱালীক লাজৰ কাৰণে। পঞ্চমঃ তেওঁলোকে যেন নিজৰ হাত ভৰিৰে মিছা অপবাদ ৰচনা নকৰে। কাৰণ অধিকাংশ অপৰাধ এই দুটা অংগৰ দ্বাৰাই সংঘটিত হয়। যদিও অন্যান্য অংগবোৰো ইয়াৰ সৈতে জৰিত থাকে। ষষ্ঠঃ সৎকৰ্মত যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা নকৰে। তেওঁলোকৰ মাজৰ যিসকলে এই প্ৰতিজ্ঞাত অটল থাকিব আৰু উল্লেখ কৰা চৰ্তবোৰ মানি চলিব, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। যিয়ে শ্বিৰ্ক নকৰাকৈ এই চৰ্তবোৰৰ মাজৰ কিছু লঙ্ঘন কৰে, ফলত পৃথিৱীতেই যদি সি শাস্তি ভোগ কৰে, তেন্তে সেইটো তাৰ বাবে কাফফাৰা হ'ব, আৰু তাৰ গুনাহ মাফ হৈ যাব। আনহাতে যদি কোনোবাই এনেকুৱা গুনাহ কৰি পেলায় আৰু আল্লাহে সেইটোক প্ৰকাশ কৰি নিদিয়ে, তেন্তে সেই বিষয়টো আল্লাহৰ ওপৰত নিৰ্ভৰশীল হ'ব; তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰিব আৰু ইচ্ছা কৰিলে শাস্তি দিব। ইয়াৰ পাছত উপস্থিত সকলো চাহাবাই এইবোৰ বিষয়ত বাইআত কৰিলে।