عن جُبَير بن مُطْعِم رضي الله عنه أنه سمع النبي صلى الله عليه وسلم يقول:
«لَا يَدْخُلُ الْجَنَّةَ قَاطِعُ رَحِمٍ».  
                        
[صحيح] - [متفق عليه] - [صحيح مسلم: 2556]
                        
 المزيــد ... 
                    
জুবাইৰ বিন মুতয়িম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
“আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰী জান্নাতত প্রৱেশ নকৰিব।” 
                                                     
                                                                                                    
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2556]                                            
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আত্মীয়-স্বজনৰ প্রাপ্ত অধিকাৰ আদায় নকৰে আৰু সিহঁতক কষ্ট দিয়াৰ মাধ্যমত আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰে সি জান্নাতত প্রৱেশৰ উপযুক্ত নহয়।