শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .

عن أبي الدرداء رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«مَنْ رَدَّ عَنْ عِرْضِ أَخِيهِ رَدَّ اللهُ عَنْ وَجْهِهِ النَّارَ يَوْمَ الْقِيَامَةِ».

[صحيح] - [رواه الترمذي وأحمد] - [سنن الترمذي: 1931]
المزيــد ...

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।

[ছহীহ] - [(তিৰমিজী, আহমদ)] - [ছুনান তিৰমিজী - 1931]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত সংবাদ দিছে যে, যি ব্যক্তিয়ে তাৰ মুছলিম ভাতৃৰ অনুপস্থিতিত তাৰ বিৰুদ্ধে হোৱা গীবতৰ প্ৰতিবাদ কৰিব, গীবতকাৰীক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ তাৰ প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে তাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মুছলিমসকলৰ সন্মানহানী হ'ব পৰা কথা-বতৰাৰ পৰা নিষেধ কৰা হৈছে।
  2. আমল অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। যি ব্যক্তিয়ে তাৰ ভাতৃৰ সন্মান ৰক্ষা কৰিব, আল্লাহে সেই ব্যক্তিক জাহান্নামৰ পৰা ৰক্ষা কৰিব।
  3. ইছলাম হৈছে তাৰ অনুসাৰীসকলৰ মাজত ভাতৃত্ববোধ আৰু সহায়-সহযোগিতা কৰাৰ ধৰ্ম।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক