عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال: «مَنْ قَالَ: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ في يومٍ مِائَةَ مَرَّةٍ حُطَّتْ عَنْهُ خَطَايَاهُ وَإِنْ كَانَتْ مِثْلَ زَبَدِ الْبَحْرِ».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ "c2">“যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনাৰ সমান নহওক কিয়।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এই হাদীছটোৰ দ্বাৰা তাছবীহ সহকাৰে উক্ত শব্দসমূহ পাঠ কৰাৰ ফজিলত প্রমাণিত হয়। যি ব্যক্তিয়ে এই দুআটো পাঠ কৰিব, সেই ব্যক্তিৰ গুনাহ যিমানেই বেছি নহওক কিয় আল্লাহে ক্ষমা কৰি দিব; যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনাৰ সমান নহওক কিয়। এইটো হৈছে আল্লাহৰ ফালৰ পৰা তেওঁৰ জিকৰকাৰী বান্দাসকলৰ প্রতি বিশেষ অনুগ্রহ। এইটো হৈছে পুৱা-গধূলি পঢ়িবলগীয়া দুআ। কাৰণ, এই হাদীছটোত ‘দিন’ ৰ কথা উল্লেখ আছে, আৰু আন এটা হাদীছত সন্ধিয়াৰ কথা উল্লেখ আছে যেনে- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“যি ব্যক্তিয়ে পুৱা-গধূলি ছুবাহানাল্লাহি অবিহামদিহী এশ বাৰ পঢ়িব, কিয়ামাতৰ দিনা সেই ব্যক্তিতকৈ উত্তম বস্তু আন কোনেও লৈ উপস্থিত হ’ব নোৱাৰিব। কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে এই ব্যক্তিৰ দৰে আমল কৰিছে অথবা এওঁতকৈ বেছি কৰিছে”। এই হাদীছটোক মুছলিমে বর্ণনা কৰিছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ তাছবীহ সম্বলিত আৰু যিবোৰ দোষ-ত্ৰুটি আল্লাহৰ বাবে উপযুক্ত নহয় সেইবোৰৰ পৰা আল্লাহক পৱিত্ৰ ঘোষণাকৃত এই দুআৰ ফজিলত বৰ্ণনা কৰা হৈছে।
  2. হাদীছটোৰ বাহ্যিক অর্থই প্রমাণ কৰে যে, যি ব্যক্তিয়ে এই দুআটো দিনত পঢ়িব একেলগে পঢ়ক বা পৃথক পৃথককৈ পঢ়ক নাইবা দিনে-ৰাতি মিলাই পঢ়ক কোনো অসুবিধা নাই ছোৱাব নিশ্চিতভাৱে অৰ্জন হ’ব।
  3. ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামে এই হাদীছত কৈছে যে, “যি ব্যক্তিয়ে ক’ব” এই কথাৰ দ্বাৰা সেইসকল লোকৰ যুক্তিক খণ্ডন কৰা হৈছে যিসকলে কয় যে, বান্দা নিজৰ কর্ম কৰিবলৈ বাধ্য, তাৰ কোনো ইচ্ছাশক্তি নাই।
অধিক