عن أبي هريرة رضي الله عنه
عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فِيمَا يَحْكِي عَنْ رَبِّهِ عَزَّ وَجَلَّ، قَالَ: «أَذْنَبَ عَبْدٌ ذَنْبًا، فَقَالَ: اللَّهُمَّ اغْفِرْ لِي ذَنْبِي، فَقَالَ تَبَارَكَ وَتَعَالَى: أَذْنَبَ عَبْدِي ذَنْبًا، فَعَلِمَ أَنَّ لَهُ رَبًّا يَغْفِرُ الذَّنْبَ، وَيَأْخُذُ بِالذَّنْبِ، ثُمَّ عَادَ فَأَذْنَبَ، فَقَالَ: أَيْ رَبِّ اغْفِرْ لِي ذَنْبِي، فَقَالَ تَبَارَكَ وَتَعَالَى: عَبْدِي أَذْنَبَ ذَنْبًا، فَعَلِمَ أَنَّ لَهُ رَبًّا يَغْفِرُ الذَّنْبَ، وَيَأْخُذُ بِالذَّنْبِ، ثُمَّ عَادَ فَأَذْنَبَ، فَقَالَ: أَيْ رَبِّ اغْفِرْ لِي ذَنْبِي، فَقَالَ تَبَارَكَ وَتَعَالَى: أَذْنَبَ عَبْدِي ذَنْبًا، فَعَلِمَ أَنَّ لَهُ رَبًّا يَغْفِرُ الذَّنْبَ، وَيَأْخُذُ بِالذَّنْبِ، اعْمَلْ مَا شِئْتَ فَقَدْ غَفَرْتُ لَكَ».
[صحيح] - [متفق عليه] - [صحيح مسلم: 2758]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত
তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2758]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰি কৈছে যে, যেতিয়া বান্দাই কোনো গুনাহ কৰে আৰু তাৰ পিছত কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন ৰাখে আৰু ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰি তাক মাফ কৰি দিয়ে। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। গতিকে যেতিয়ালৈকে সি গুনাহ কৰাৰ পিছত অনুতপ্ত হ'ব আৰু গুনাহ নকৰাৰ সংকল্প লব কিন্তু প্ৰবৃত্তিৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ কাৰণে গুনাহত বাৰে বাৰে লিপ্ত হয় তেতিয়ালৈকে আল্লাহে তাক স্বাধীনতা প্ৰদান কৰিব যে, তুমি যি ইচ্ছা সেইটোৱে কৰা। এতেকে যেতিয়ালৈকে সি গুনাহ কৰি অনুতপ্ত হৈ তাওবা কৰিব ময়ো তাক ক্ষমা কৰি যাম। কাৰণ তাওবাই পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে।