+ -

عَنْ المِقْدَادِ بْنَ عَمْرٍو الكِنْدِيَّ رضي الله عنه:
أَنَّهُ قَالَ لِرَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَرَأَيْتَ إِنْ لَقِيتُ رَجُلًا مِنَ الكُفَّارِ فَاقْتَتَلْنَا، فَضَرَبَ إِحْدَى يَدَيَّ بِالسَّيْفِ فَقَطَعَهَا، ثُمَّ لاَذَ مِنِّي بِشَجَرَةٍ، فَقَالَ: أَسْلَمْتُ لِلَّهِ، أَأَقْتُلُهُ يَا رَسُولَ اللَّهِ بَعْدَ أَنْ قَالَهَا؟ فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لاَ تَقْتُلْهُ» فَقَالَ: يَا رَسُولَ اللَّهِ إِنَّهُ قَطَعَ إِحْدَى يَدَيَّ، ثُمَّ قَالَ ذَلِكَ بَعْدَ مَا قَطَعَهَا؟ فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لاَ تَقْتُلْهُ، فَإِنْ قَتَلْتَهُ فَإِنَّهُ بِمَنْزِلَتِكَ قَبْلَ أَنْ تَقْتُلَهُ، وَإِنَّكَ بِمَنْزِلَتِهِ قَبْلَ أَنْ يَقُولَ كَلِمَتَهُ الَّتِي قَالَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 4019]
المزيــد ...

মিক্বদাদ বিন আমৰ আল-কিন্দী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি মই (যুদ্ধ ক্ষেত্ৰত) কোনো কাফিৰৰ মুখামুখি হওঁ, আমি পৰস্পৰে ইজনে সিজনক আক্ৰমণ কৰাৰ সময়ত, যদি সি তাৰ তৰোৱালেৰে মোৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত মোৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে আশ্ৰয় লয় আৰু ইয়াৰ পিছত যদি কয়ঃ মই আল্লাহৰ উদ্দেশ্যে ইছলাম গ্ৰহণ কৰিলোঁ। এই কথা কোৱাৰ পিছত হে আল্লাহৰ ৰাছুল, মই তাক হত্যা কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা।" তেতিয়া তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কৰ্তন কৰিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "নহয়, তাক হত্যা কৰিব নোৱাৰিবা। যদি তুমি তাক হত্যা কৰা তেন্তে তাক হত্যা কৰাৰ পূৰ্বে তোমাৰ যি মৰ্যাদা আছিল সেই মৰ্যাদা সি লাভ কৰিব, আনহাতে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে তাৰ যি স্তৰ আছিল, সেই স্তৰলৈ তুমি নামি যাবা।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 4019]

ব্যাখ্যা

মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, যদি তেওঁ যুদ্ধ ক্ষেত্ৰত কোনো কাফিৰসকলৰ সৈতে যুদ্ধ কৰাৰ সময়ত, কোনো এজন কাফিৰে তৰোৱালেৰে তেওঁৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত সি তেওঁৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে পলায়ন কৰে আৰু যদি এই কথা স্বীকাৰ কৰি কয় যে, লা ইলাহা ইল্লাল্লাহ (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই)। তেন্তে তাক হত্যা কৰা বৈধ হ'বনে, যিহেতু সি মোৰ এখন হাত কাটি দিছে?
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লে, তাক হত্যা নকৰিবা।
তেওঁ আকৌ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কাটি দিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে?
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক হত্যা নকৰিবা। কাৰণ তাৰ তেজ প্ৰবাহিত কৰা হাৰাম হৈ পৰিছে। কিয়নো সি ইছলাম গ্ৰহণ কৰাৰ পিছতো যদি তুমি তাক হত্যা কৰা, তেন্তে সি তোমাৰ স্থানত আহি পৰিব, কাৰণ ইছলাম গ্ৰহণৰ পিছত তাৰ তেজ প্ৰবাহিত কৰাটো হাৰাম। পক্ষান্তৰে ইছলাম গ্ৰহণৰ পূৰ্বে যিদৰে তাক হত্যা কৰা বৈধ আছিল, হত্যা কৰাৰ পিছত তুমি তাৰ স্থানলৈ অৱনমিত হ'বা, কাৰণ কিচাচৰূপে তোমাৰ মৃত্যুদণ্ড বৈধ হ'ব।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ভিয়েতনামীজ তাগালোগ কুৰ্দিশ পৰ্তুগীজ শ্বাহিলী থাই পুস্তু আমহাৰিক ডাচ গুজৰাটী ওৰোমো
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যদি কোনোবাই এনেকুৱা কথা অথবা কৰ্ম কৰে যিটোৰ দ্বাৰা তাৰ ইছলাম গ্ৰহণ কৰাটো প্ৰমাণিত হয় তেন্তে তাক হত্যা কৰা হাৰাম।
  2. যুদ্ধক্ষেত্ৰতো যদি কোনো কাফিৰে ইছলাম গ্ৰহণ কৰে, তথাপিও তাক হত্যা কৰা নাযাব। তাৰ পৰা নিজৰ হাত বিৰত ৰখা ওৱাজিব, যেতিয়ালৈকে ইয়াৰ পৰিপন্থী কোনো বিষয় স্পষ্ট নহ'ব।
  3. সাম্প্ৰদায়িকতা আৰু প্ৰতিশোধ গ্ৰহণৰ মানসিকতা এৰি মুছলিমৰ প্ৰবৃত্তি চৰীয়তৰ অধীনস্থ হোৱাটো ওৱাজিব।
  4. ইবনু হাজাৰে কৈছেঃ কোনো বিপদৰ সন্মুখীন হোৱাৰ আগতে সেই বিষয়ে প্ৰশ্ন কৰা বৈধ। যাতে এনেকুৱা পৰিস্থিতিত সঠিকটো অৱলম্বন কৰিব পৰা যায়। ছালাফসকলে এনেকুৱা ক্ষেত্ৰত যিটো বিষয়ে প্ৰশ্ন কৰাটো অপছন্দ কৰিছিল সেয়া হৈছে এনেকুৱা বিষয় যিবোৰ সংঘটিত হোৱাৰ সম্ভৱনা তাকৰ। আনহাতে যিবোৰ ঘটনা সচৰাচৰ সংঘটিত হয় তেনেকুৱা বিষয় সম্পৰ্কে অৱগত হ'বলৈ প্ৰশ্ন কৰাটো বৈধ।
শ্ৰেণীবিন্যাসসমূহ
অধিক