শ্ৰেণীবিন্যাস: আক্বীদাহ .

عن أبي موسى الأشعري رضي الله عنه مرفوعاً: «إن الله ليُمْلِي للظالم، فإذا أخذه لم يُفْلِتْهُ»، ثم قرأ: (وكذلك أخذ ربك إذا أخذ القرى وهي ظالمة إن أخذه أليم شديد).
[صحيح] - [متفق عليه]
المزيــد ...

আবু মূছা আল-আশ্ব‘আৰী ৰাদ্বিয়াল্লাহু ‘আনহু দ্বাৰা মাৰফু হিচাপে বৰ্ণিত, "c2">“নিশ্চয় আল্লাহ তা‘আলাই অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া তেওঁ কৰায়ত্ব কৰে তেতিয়া কোনো পধ্যেই এৰি নিদিয়ে।” তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছিল, যাৰ অর্থ হৈছে, "c2">“যেতিয়া আপোনাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক কৰায়ত্ব কৰে তেতিয়া এইদৰেই কৰায়ত্ব কৰে। নিশ্চয় তেওঁৰ কৰায়ত্ব অতি যন্ত্রণাদায়ক, মহাকঠিন।”
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, মহান আল্লাহ তা‘আলাই যালিমসকলক অৱকাশ দিয়ে, যাতে সিহঁতে নিজৰ যুলুম কৰিব পাৰে। অৱশেষত যেতিয়া তেওঁ সিহঁতক কৰায়ত্ব কৰে তেতিয়া শাস্তি পূৰ্ণ নকৰাকৈ সিহঁতক এৰি নিদিয়ে। এই কথাষাৰ কোৱাৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তাআলাৰ এই বাণী তিলাৱত কৰিছিল। "c2">“যেতিয়া আপোনাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক কৰায়ত্ব কৰে তেতিয়া এইদৰেই কৰায়ত্ব কৰে। নিশ্চয় তেওঁৰ কৰায়ত্ব অতি যন্ত্রণাদায়ক, মহাকঠিন।” [ছুৰা হূদ, আয়াত: ১০২]

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জ্ঞানী ব্যক্তিয়ে কেতিয়াও আল্লাহৰ শাস্তিক ভয় নকৰাকৈ নিৰ্ভয় হৈ বহি নাথাকে। যদি কেতিয়াবা কাৰো প্ৰতি অন্যায় কৰে আৰু তাৰ ফলত যদি শাস্তিৰ সন্মুখীন নহয়, তেতিয়া তেওঁ ভাবে যে, আল্লাহে তেওঁক অৱকাশ দিছে। ফলত তেওঁ প্ৰাপ্যৰ অধিকাৰী ব্যক্তিক তাৰ হ'ক পৰিশোধ কৰিবলৈ খৰধৰ কৰে।
  2. আল্লাহে যালিমসকলক অৱকাশ দিয়াৰ কাৰণ হৈছে, যাতে সিহঁতৰ গুনাহ অধিক বৃদ্ধি পায়, আৰু সিহঁতক দ্বিগুণ শাস্তি দিব পাৰে।
  3. হাদীছ আৰু কোৰআনৰ উত্তম তাফছীৰ হৈছে আল্লাহৰ বাণী আৰু তেওঁৰ ৰাছুলৰ বাণী।
অধিক