عن أبي هريرة رضي الله عنه مرفوعًا: «إِنَّ الله -تَعَالى- يَغَارُ، وغَيرَةُ الله -تَعَالَى-، أَنْ يَأْتِيَ المَرء ما حرَّم الله عليه».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ হিচাপে বৰ্ণিত, "c2">“নিশ্চয় মহান আল্লাহৰ আত্মমৰ্যাদাবোধ আছে আৰু আল্লাহৰ আত্মমৰ্যাদাবোধ হৈছে এই যে, মানুহে যেন সেইবোৰত লিপ্ত নহয় যিবোৰক আল্লাহে হাৰাম কৰিছে।”। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এই হাদীছটোৱে এই কথা বর্ণনা দিয়াৰ বাবে বৰ্ণিত হৈছে যে, নিশ্চয় মহান আল্লাহে তেওঁৰ নিষিদ্ধ বিষয়সমূহকলৈ আত্মমৰ্যাদাবোধ পোষণ কৰে আৰু তেওঁৰ বিধান লঙ্ঘন কৰাক অপছন্দ কৰে। উদাহৰণস্বৰূপে ব্যভিচাৰ কৰা। নিশ্চয় এইটো এটা অশ্লীল তথা নিকৃষ্ট পথ। সেইকাৰণেই আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত ব্যভিচাৰ আৰু ইয়াৰ যাৱতীয় উপকৰণক হাৰাম কৰিছে। যেতিয়া বান্দাই ব্যভিচাৰ কৰে তেতিয়া আল্লাহ তা‘আলাই অন্যান্য হাৰামৰ ওপৰত ঈর্ষা কৰাতকৈ অধিক আৰু কঠিন ঈর্ষা কৰে। এইদৰে সমকামিতাকো ঘৃণা কৰে। সেয়া হৈছে পুৰুষে পুৰুষৰ সৈতে যৌনাচাৰ কৰা। এইটো মহা তথা ডাঙৰ পাপ। সেইকাৰণেই ইয়াক আল্লাহ তা‘আলাই জিনাতকৈও অধিক মাৰাত্মক আৰু জঘন্য অপৰাধ হিচাপে সাব্যস্ত কৰিছে। অনুৰূপভাৱে চুৰি কৰা, মাদক দ্ৰৱ্য সেৱন কৰা আৰু অন্যান্য নিষিদ্ধ কামৰ বাবে আল্লাহ তা‘আলাই ক্ষুব্ধ হয়। কিন্তু অন্যায় আৰু ক্ষতিৰ ওপৰত ভিত্তি কৰি কিছুমান অপৰাধতকৈ আন কিছুমান অপৰাধৰ ওপৰত বেছি ক্ষুব্ধ হয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিষিদ্ধ বিষয়সমূহৰ পৰা আঁতৰি থকা। কাৰণ, এইবোৰ আল্লাহৰ ক্রোধৰ কাৰণ হয়।
  2. আল্লাহৰ মৰ্যাদা অনুযায়ী আল্লাহৰ বাবে গাইৰত (আত্মমর্যাদাবোধ) সাব্যস্ত কৰা।
  3. আল্লাহক স্মৰণ কৰা, লগতে তেওঁৰ কোনো নিষেধাজ্ঞা অমান্য কৰিলে সেই ক্ষেত্ৰত তেওঁৰ ক্রোধ আৰু শাস্তিক ভয় কৰা।
অধিক