শ্ৰেণীবিন্যাস: আক্বীদাহ .

عن عمر رضي الله عنه قال: «بينما نحن جلوسٌ عند رسول الله صلى الله عليه وسلم ذات يوم إذ طَلَعَ علينا رجلٌ شديد بياض الثياب، شديد سَواد الشعر، لا يُرى عليه أثرُ السفر ولا يعرفه منَّا أحدٌ، حتى جلس إلى النَّبيِّ صلى الله عليه وسلم ، فأسنَد ركبتيْه إلى ركبتيْه، ووضع كفَّيه على فخذيْه، وقال: يا محمد أخبرْني عن الإسلام؟ فقال رسول الله صلى الله عليه وسلم : الإسلامُ أن تشهدَ أن لا إله إلا الله وأنَّ محمداً رسول الله، وتقيم الصلاة، وتُؤتيَ الزكاة، وتصومَ رمضان، وتحجَّ البيت إن استطعتَ إليه سبيلاً، قال: صدقتَ، فعَجِبْنا له يَسأله ويُصدِّقه، قال: فأخبرْني عن الإيمان؟ قال: أن تؤمنَ بالله وملائكته وكُتبه ورسُله واليوم الآخر، وتؤمن بالقدَر خيره وشرِّه، قال: صدقتَ، فأخبرْني عن الإحسان؟ قال: أن تعبدَ الله كأنَّك تراه، فإن لَم تكن تراه فإنَّه يراك، قال: فأخبرني عن الساعة؟ قال: ما المسؤول عنها بأعلمَ مِن السائل، قال: فأخبرني عن أمَاراتِها؟ قال: أنْ تلِدَ الأَمَةُ ربَّتَها، وأنْ تَرَى الحُفاةَ العُراة العَالَة رِعاءَ الشاءِ يَتَطاوَلون في البُنيان، ثمَّ انطلق فَلَبِثَ مليًّا ثم قال: يا عمر أتدري مَن السائل؟ قلتُ: الله ورسوله أعلم، قال: فإنَّه جبريلُ أتاكم يعلِّمُكم دينَكم».
[صحيح] - [رواه مسلم]
المزيــد ...

ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হয়, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলি আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেওঁৰ আঠুৰ লগত মিলাই নিজৰ হাত তেওঁৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: "c2">“হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: "c2">“ইছলাম হৈছে- তুমি সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে (আল্লাহৰ) ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: "c2">“আপুনি ঠিকেই কৈছে”। (বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, "c2">“মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: "c2">“সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: "c2">“আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: "c2">“মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: "c2">“সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: "c2">“মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: "c2">“যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: "c2">“তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: "c2">“সেয়া হৈছে এই যে- দাসীয়ে নিজ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাৰ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: "c2">“হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: "c2">“তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।” [ছহীহ মুছলিম: ৮]
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

জিব্ৰীল আলাইহিচ্ছালাম এজন অপৰিচিত লোকৰ আকৃতিত চাহাবাসকলৰ ওচৰত আহি উপস্থিত হৈছিল, যি সময়ত তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিল। ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বুদ্ধিমান ছাত্রৰ দৰে বহি ইছলাম সম্পৰ্কে সোধ-পোচ কৰিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এই আৰকানসমূহ বুজাই দিলে আৰু ক’লেঃ শ্বাহাতাইন স্বীকাৰ কৰা, পাঁচ ওৱাক্ত ছালাত নিয়মিতভাৱে আদায় কৰা, হিতাধিকাৰীক যাকাতৰ ধন আদায় দিয়া, আন্তৰিকতাৰে ৰমাজানৰ চওম পালন কৰা, সামৰ্থৱান ব্যক্তিয়ে ফৰজ হজ্জ আদায় কৰা। এইখিনি শুনি তেওঁ তেখেতক সমৰ্থন কৰিলে। এই দেখি চাহাবাসকলে আশ্চৰ্য প্ৰকাশ কৰিলে, কাৰণ তেওঁৰ প্রশ্নৰ দ্বাৰা বুজা যায় যে, তেওঁ এই বিষয়বোৰ নাজানে কিন্তু উত্তৰ পোৱাৰ পিছত সমৰ্থন কৰা বিষয়টোৱে প্ৰমাণ কৰে যে তেওঁ আগৰ পৰাই জানে। ইয়াৰ পিছত তেওঁ তেখেতক ঈমান সম্পৰ্কে প্রশ্ন কৰিলে, ফলত তেখেতে তেওঁক ঈমানৰ ছয়টা আৰকান বুজাই ক’লে যে, তুমি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই সৃষ্টিকর্তা, জীৱিকাদাতা, পৰিপূর্ণ গুণৰ অধিকাৰী আৰু ত্রুটি মুক্ত; আৰু ফিৰিস্তাসকলক তেৱেঁই সৃষ্টি কৰিছে, তেওঁলোক হৈছে আল্লাহৰ সন্মানীয় বান্দা, তেওঁলোকে কেতিয়াও আল্লাহৰ অবাধ্যতা নকৰে, সদায় তেওঁৰ আদেশ পালন কৰে; লগতে তুমি ঈমান পোষণ কৰা ৰাছুলসকলৰ ওপৰত আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা আচমানী কিতাবসমূহৰ প্রতি আৰু ঈমান পোষণ কৰা আল্লাহৰ দ্বীন প্রচাৰকাৰী ৰাছুলসকলৰ প্রতি; লগতে এই কথা বিশ্বাস কৰিবা যে, মানুহক মৃত্যুৰ পিছত পুনৰুত্থিত কৰা হ’ব আৰু হিচাপ লোৱা হ’ব। ইয়াৰ পিছত তেওঁ ইহছান সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেখেতে উত্তৰ দি ক’লেঃ ইহছান হৈছে তুমি এনেকৈ আল্লাহৰ ইবাদত কৰিবা যেনিবা তুমি আল্লাহক দেখি আছা, যদি এনেকৈ ইবাদত কৰিব নোৱাৰা, তেন্তে আল্লাহক ভয় কৰি ইবাদত কৰিবা। এইটো মনত ৰাখিবা যে আল্লাহে সকলো জানে আৰু তেওঁ তোমাক দেখি আছে, আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকে। ইয়াৰ পিছত তেওঁ বৰ্ণনা কৰিছে যে, কিয়ামতৰ জ্ঞান কোনো মাখলুকৰ ওচৰতেই নাই, কিন্তু কিয়ামতৰ আলামত হৈছে, দাসী আৰু সিহঁতৰ সন্তানৰ সংখ্যা বৃদ্ধি পাব, সন্তানসকল সিহঁতৰ মাকৰ অবাধ্য হ’ব, সিহঁতে নিজৰ মাকৰ সৈতে দাসীৰ দৰে আচৰণ কৰিব। শেষ জামানাত ছাগলী ৰখীয়া আৰু দৰিদ্ৰসকলৰ ওপৰত পৃথিৱীৰ সা-সম্পদ ঢালি দিয়া হ’ব, ফলত সিহঁতে জাকজমকতাপূৰ্ণ অট্টালিকা আৰু মজবুত শৃঙ্গকলৈ গৌৰৱ অনুভৱ কৰিব। দৰাচলতে এই প্রশ্নোত্তৰবোৰ আছিল সঠিক দ্বীন শিকোৱাৰ উদ্দেশ্যে যিবোৰ জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছা্ল্লামক কৰিছিল। এই কথা স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামেই উল্লেখ কৰি কৈছে, এওঁ আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ তোমালোকক তোমালোকৰ দ্বীন শিকাবলৈ আহিছিল।”

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্রৰ বৰ্ণনা যে, তেখেত চাহাবাসকলৰ সৈতে বহিছিল আৰু চাহাবাসকলেও তেখেতৰ সৈতে বহিছিল। তেখেত অকলে চলা নাছিল আৰু তেওঁলোকৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰাও নাছিল।
  2. সন্মানীয় ব্যক্তিসকলৰ ওচৰত যোৱাৰ সময়ত সুন্দৰ কাপোৰ, সুন্দৰ আকৃতি আৰু পৰিস্কাৰ পৰিচ্ছন্ন হৈ যোৱা উচিত। কাৰণ, জিব্ৰীল আলাইহিচ্ছালামে মানুহক তেওঁৰ কথা আৰু অৱস্থাৰ দ্বাৰা শিক্ষা দিবলৈ আহিছিল।
  3. ফিৰিস্তাসকলে তেওঁলোকৰ নিজৰ আকৃতিৰ বাহিৰেও একাধিক আকৃতি ধাৰণ কৰিব পাৰে।
  4. প্রশ্নকাৰীৰ সৈতে নম্র ব্যৱহাৰ কৰা উচিত, তাক ওচৰলৈ মাতি নিব লাগে যাতে সি নির্ভয়ে আৰু অসংকোচভাৱে প্রশ্ন কৰিব পাৰে।
  5. শিক্ষকৰ লগত উত্তম শিষ্টাচাৰ কৰিব লাগে, যেনেকৈ জিব্ৰীল আলাইহিচ্ছালামে কৰিছে। কাৰণ, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত শিক্ষা গ্রহণ কৰিবলৈ ভদ্রলোকৰ দৰে বহিছিল।
  6. তাওৰীয়া (কৌশল) অৱলম্বন কৰা বৈধ। কাৰণ, তেওঁ কথা কোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হে মুহাম্মাদ বুলি সম্বোধন কৰিছিল, আৰু এইটো হৈছে গাঁওলীয়া ভাষা। ইয়া দ্বাৰা তেওঁ নিজকে গাঁওলীয়া মানুহ বুলি ইঙ্গিত কৰিছিল। কাৰণ চহৰৰ অধিবাসীসকলে উচ্চ শিষ্টাচাৰৰ অধিকাৰী, তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কেতিয়াও এনেকুৱা ধৰণৰ শব্দৰ দ্বাৰা সম্বোধন কৰা নাছিল।
  7. ঈমান, ইছলাম আৰু ইহছানৰ মাজত পাৰ্থক্যৰ বৰ্ণনা।
  8. ঈমানৰ ছয়টা মূলনীতিৰ প্রতি ঈমান পোষণ কৰাই হৈছে গায়েবৰ প্রতি ঈমান।
  9. ইছলামৰ ৰুকন হৈছে পাঁচটা আৰু ঈমানৰ ৰুকন হৈছে ছয়টা।
  10. ইছলাম আৰু ঈমান একেলগে ব্যৱহাৰ হ’লে, ইছলামৰ দ্বাৰা বাহ্যিক বিষয়বোৰক বুজাব আৰু ঈমানৰ দ্বাৰা গায়েবী বিষয়বোৰক বুজাব।
  11. ইহছানৰ স্তৰৰ উচ্চতাৰ বৰ্ণনা।
  12. সাধাৰণ নিয়ম হৈছে যিয়ে নাজানে তেওঁহে প্রশ্ন কৰিব। কাৰণ অজ্ঞতাই তাক প্রশ্ন কৰিবলৈ উৎসাহ প্রদান কৰে।
  13. প্রথমে সর্বাধিক গুৰুত্বপূর্ণ বিষয়টো উল্লেখ কৰিব লাগে, তাৰ পাছত তাতকৈ কম গুৰুত্বপূর্ণ বিষয়টো উল্লেখ কৰিব লাগে। সেইকাৰণেই, তেখেতে ইছলামৰ ব্যখ্যাত প্রথমে শ্বাহাদাতাইন আৰু ঈমানৰ ব্যখ্যাত প্রথমে আল্লাহৰ প্রতি ঈমান পোষণ কৰাৰ বিষয়টো উল্লেখ কৰিছে।
  14. শ্রোতাসকলক শিকাবলৈ জনা বিষয়েও আলিমক প্ৰশ্ন কৰা বৈধ।
  15. যাক প্ৰশ্ন কৰা হৈছে তেওঁ যদি সেই বিষয়টো নাজানে তেন্তে তেওঁ আল্লাহু আ’লম (আল্লাহেই ভালকৈ জানে) বুলি ক’ব লাগে।
  16. কিয়ামাতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে।
  17. কিয়ামাতৰ কিছুমান আলামত উল্লেখ কৰা হৈছে।
শ্ৰেণীবিন্যাসসমূহ